মৰিগাঁৱত যুৱক যুৱতী সকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ

100

মৰিগাঁৱত যুৱক যুৱতী সকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৭ আগষ্টঃ দেশত ধৰ্ষণ কাণ্ড বৃদ্ধি পোৱাৰ বাবে যুৱতী সকলে যাতে নিজকে আত্মৰক্ষা কৰিব পাৰে , তাৰ বাবে মৰিগাঁৱত আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । শিশুৰ পৰা আৰম্ভ কৰি সকলো যুৱক যুৱতীক মৰিগাঁও স্কুল খেলপথাৰত আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । ২০০৪ চনৰ পৰা প্ৰসন্ন বৰদলৈ নামৰ ব্যক্তি গৰাকীৰ একক প্ৰচেষ্টাৰে মৰিগাঁও জিলাৰ কিওকচিন কাৰাটে একাডেমীয়ে এই প্ৰশিক্ষণ চলাই আছে । এই প্ৰশিক্ষণ কেন্দ্ৰটোত বিশেষ সমৰ কলাৰ কৌশলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থী সকলে তাইলছ,কাঠৰ তক্তা আদি ভঙাৰো কৌশল আয়ত্ত কৰিছে । এই একাডেমীটোত প্ৰশিক্ষণ গ্ৰহণ কৰি তামিলনাডু,পশ্চিমবংগ,দিল্লী, উত্তৰপ্ৰদেশ, পঞ্জাৱ আদিৰ দৰে ঠাইত বিভিন্ন খেলত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈও সক্ষম হৈছে । এই একাডেমীটোত প্ৰশিক্ষণ গ্ৰহণ কৰি চীন , জাপান আদি দেশলৈয়ো খেলিব যাবলৈ নিৰ্বাচিত হৈয়ো একাংশ শিক্ষাৰ্থীয়ে আৰ্থিক অনাটনৰ বাবে বঞ্চিত হৈছে । প্ৰশিক্ষক প্ৰসন্ন বৰদলৈয়ে ৰাজ্যৰ মুখ্য মন্ত্ৰী তথা ক্ৰীড়া মন্ত্ৰীক একাডেমীটোত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলৰ বাবে পৰ্যাপ্ত সুবিধাৰ দিহা কৰিবলৈ আহ্বান জনাই তেওঁলোকক অধিক উৎসাহিত কৰাৰ বাবে অনুৰোধ কৰে ।