যোৰহাটত “দিগদৰ্শন”ৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

122

যোৰহাটত “দিগদৰ্শন”ৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , যোৰহাট , ১০ অক্টোবৰ : যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাঁচখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন” আৰু দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । উদীয়মান শিল্পী প্ৰিয়াক্ষী দত্তৰ সৰস্বতী বন্দনা পৰিৱেশনেৰে পুৱা দহ বজাৰ পৰা শুভাৰম্ভ উক্ত অনুষ্ঠানত ২০২১ বৰ্ষৰ দিগদৰ্শন বঁটা বিশিষ্ট লেখিকা চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাণু ফুকনক দিগদৰ্শন বঁটা এটি স্মাৰক , সঁফুৰা , জাপি , গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে প্ৰদান কৰা হয় ।

দিগদৰ্শনৰ হৈ পংকজ কুমাৰ দাস আৰু ৰীতা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পংকজ কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত এশজন কবিৰ কবিতা সংকলন “হৃদয়ৰ অনুভৱ” আৰু “প্ৰেমৰ কবিতা”,পঞ্চাছজন নবীন লেখক-লেখিকাৰে সমৃদ্ধ গল্প সংকলন “সমাহাৰ”, ৰূমা বেজবৰুৱাৰ “অনুভৱৰ কৰণি”(কবিতা সংকলন), পংকজজ্যোতি বৰাৰ “সেউজী সপোন বাটেৰে”(কবিতা সংকলন), কল্পনা দলেৰ “প্ৰেমৰ গান”(কবিতা সংকলন),পূৰৱী গোস্বামীৰ”অজানিতে মোৰ মনে”(কবিতা সংকলন), নিকুঞ্জ মহন্ত চুতীয়াৰ “শব্দৰ মিছিল”(কবিতা সংকলন), বিনুপ্ৰভা কলিতা কাকতিৰ “কবিতাৰ বাকৰিত হৃদয়ৰ অনুভৱ”(কবিতা সংকলন), সীতা দেৱীৰ”অন্তৰাত্মাৰ আৰ্তনাদ”(কবিতা সংকলন), গীতাঞ্জলি দেৱীৰ “নীৰৱতাৰ অৰ্ঘ্য”(কবিতা সংকলন), দীপিকা সভাপণ্ডিতৰ “কেইগৰাকীমান অসমীয়া বিজ্ঞানী আৰু গণিতজ্ঞ(অসমীয়া বিজ্ঞানী আৰু গণিতজ্ঞৰ জীৱনী সংকলন), গীতাশ্ৰী বৰাৰ “অনুভৱৰ দস্তাবেজ'(প্ৰৱন্ধ সংকলন), জ্যোতিমণি শইকীয়া বৰুৱাৰ”সূৰ্য নামি আহে নদীৰ বুকুলৈ(কবিতা সংকলন), মামণি বৰুৱা নাথৰ “কৃষ্ণচূড়াৰ ছায়া গচকি”(কবিতা সংকলন),
প্ৰফুল্ল ভূঞাৰ”কল্পনাৰ সাগৰ(গল্প সংকলন) আৰু”সময়ৰ বালিত এখন্তেক(কবিতা সংকলন),পংকজ কুমাৰ দাসৰ আধ্যাত্মিক পুথি
“আত্মা আৰু ঈশ্বৰ,পংকজ কুমাৰ দাস আৰু গীতুমণি তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত অসমৰ এশজন লেখক-লেখিকাৰ নিৰ্বাচিত অণুগল্প সংকলন ” অণুগল্প”,পংকজ কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত অসমৰ এশজন শিশু কবিৰ অকণিহঁতৰ কবিতাৰ সংকলন” অকণিৰ পদ্য”,প্ৰেম বৈষ্ণৱৰ “মোৰ হৃদয় স্পন্দনত কেৱল মাথো তুমি”(কবিতা সংকলন), গোলাপী ভূঞাৰ প্ৰৱন্ধ সংকলন”বিহুৱান”, জিতামণি শৰ্মাৰ অণুগল্প সংকলন”সৰাপাত”আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগী পুথি”ব্যাকৰণৰ ইটো-সিটো”, নিকুঞ্জ মহন্ত চুতীয়াৰ “শব্দৰ মিছিল”, কুইন বৰাৰ স্তৱক সংকলন”হৃদয়ৰ জ্যোতিৰিংগন”, চোনিয়া মুক্তিয়াৰৰ”মৈত্ৰেয়ী”(অণুগল্প) , ৰূপাঞ্জলী হাজৰিকাৰ “অস্ত ৭ আকাশৰ জোন”(গল্প সংকলন), ৰুমী সেনাপতি ভূঞাৰ”স্বৰ্ণালী ইতিহাসৰ জিলিঙনি”(প্ৰৱন্ধ সংকলন), নীলাঞ্জনা পাচনিৰ”অস্তিত্বৰ সন্ধানত”(গল্প সংকলন), গীতাঞ্জলি দেৱীৰ”নীৰৱতাৰ অৰ্ঘ্য”(কবিতা সংকলন), কুমকুম শৰ্মাৰ”দুনীয়া দুই নম্বৰী”(ব্যংগ কবিতা সংকলন), জেউতি বৰা ভূঞাৰ”ৰূপ কথা”(সাধু পুথি), ৰীতামণি নেওগৰ “অস্তাকাশৰ বেলি”(কাব্য সংকলন), মুজিবুন নিছা আৰু মিৰ মিচবাহ মুস্তা হাচানৰ”এমুঠি মৰম তোমাৰ বাবে”(কাব্য সংকলন), ইলা শইকীয়াৰ”এজাক প্ৰেমৰ বৰষুণ”(কাব্য সংকলন), ৰশ্মিৰেখা শইকীয়া বৰগোহাঁইৰ “জোনাকত এজাক বৰষুণ”(কাব্য সংকলন), কামদা চেতিয়াৰ “বিয়া নাম”‘আৰু “তংৰণিত”,লৱনু শইকীয়াৰ “ন-সূৰুয”(অণুগল্প পুথি), নিৰু দত্তৰ “অকণিৰ কণ কথা”(শিশু উপযোগী পুথি)আদি ভালেকেইখন গ্ৰন্থ উন্মোচন কৰা হয়৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ইন্দ্ৰেশ্বৰ দাসে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা উক্ত অনুষ্ঠানতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা চলিত বৰ্ষৰ ছন্দগুচ্ছ বঁটা নগাঁওৰ জখলাবন্ধাৰ জিতামণি শৰ্মাক , মহীয়সী বঁটা কলিয়াবৰৰ চোনিয়া মুক্তিয়াৰক , কবিকণ্ঠ বঁটা যোৰহাটৰ টেকেলা গাঁৱৰ জ্যোতিমণি শইকীয়া বৰুৱাক , সাহিত্যশ্ৰী বঁটা লখিমপুৰ চেতিয়া গাঁৱৰ কল্পনা দলে পাংগিক , কাব্যশ্ৰী বঁটা হোজাইৰ লংকাৰ মৃণালী শইকীয়াক , সাহিত্য বঁটা লখিমপুৰ বিহপুৰীয়াৰ সীতা দেৱীক , সাহিত্য সৌৰভ বঁটা যোৰহাট চিনামৰাৰ মামণি বৰুৱা নাথক , সংবাদ প্ৰহৰী সন্মান বোকাখাতৰ দৈনিক অগ্ৰদূতৰ সাংবাদিক ভবানন্দ কলিতাক , সমাজপ্ৰাণ বঁটা যোৰহাট কটকী পুখুৰীৰ মহেশ্বৰ বৰাক প্ৰদান কৰে । একেটা অনুষ্ঠানতেই বিশিষ্ট সাহিত্যসেৱী চন্দিকা দত্ত কোঞৰক “শ্ৰীময়ী”, গোলাপী ভূঞা বৰাক” সাহিত্য মহীয়ান” আৰু জেউতি বৰা ভূঞাক” শিশু মহীয়ান” উপাধিৰে সন্মানিত কৰে ।

মাহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন”ৰ বৰ্ষশ্ৰেষ্ঠ বেটুপাতৰ মডেল তিনিচুকীয়াৰ চুইটিছা চুতীয়া , দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ আলোচনী” জ্ঞানজ্যোতি”ৰ বৰ্ষশ্ৰেষ্ঠ মডেল কলিয়াবৰৰ সংযুক্তা বৰা , মহিলা আলোচনী”অনন্যা”ৰ বৰ্ষশ্ৰেষ্ঠ মডেল অন্তৰা বৰকাকতি , কবিতা আলোচনী “ছন্দগুচ্ছ”ৰ বৰ্ষশ্ৰেষ্ঠ মডেল ধনিষ্ঠা নেওগ , বিনোদনধৰ্মী আলোচনী”যৌৱন”ৰ বৰ্ষশ্ৰেষ্ঠ মডেল চিল্কীপ্ৰিয়া শইকীয়াক বঁটা প্ৰদান কৰাৰ লগতে নগাঁওৰ কুইন বৰা , জিতামণি শৰ্মা , নামৰূপৰ মেৰী হাজৰিকা ফুকন , চৰাইদেউৰ ৰূপাঞ্জলী হাজৰিকা , বিহপুৰীয়াৰ সীতা দেৱী,যোৰহাটৰ লুকুমণি দেৱী,ঐশ্বৰ্য্যা বৰবৰা,লখিমী দলৈ,বিনুপ্ৰভা কলিতা কাকতি,কামদা চেতিয়া,গুৱাহাটীৰ ৰশ্মিৰেখা বায়ন,গোলাঘাটৰ ঊষাৰাণী দেৱী,তিনিচুকীয়াৰ নিকুঞ্জ মহন্ত চুতীয়া,শিৱসাগৰৰ ৰুলী বৰগোহাঁই , বিশ্বনাথৰ লৱনু শইকীয়া ,গোলাঘাটৰ নিৰু নাথ আৰু দেৰগাঁওৰ মিনাক্ষী দেৱী শৰ্মাক দিগদৰ্শন সাহিত্য সন্মান বঁটা প্ৰদান কৰে।”দৈনিক গণ অধিকাৰ”কাকতৰ জ্যেষ্ঠ সাংবাদিক নেকিব আহমেদ , নিয়মীয়া বাৰ্তাৰ জিতু কলিতা , দৈনিক জনমভূমিৰ প্ৰাঞ্জল প্ৰতিম বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত সদৌ অসম ভিত্তিত আয়োজিত পাণ্ডুলিপি প্ৰতিযোগিতা , সাহিত্য প্ৰতিযোগিতা, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত অনলাইন কবিতা, চিত্ৰাংকন, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা আৰু অংশগ্ৰহণকাৰী সমূহ প্ৰতিযোগীক একোখনকৈ মানপত্ৰ প্ৰদান কৰে । উদীয়মান শিল্পী শশাংক খাউণ্ডৰ গীত , গৌৰৱ বৰগোহাঁইৰ বাদ্য পৰিৱেশন , কস্তুৰী শইকীয়াৰ সৃষ্টিশীল নৃত্য পৰিৱেশন আৰু ৫০ জন কবিৰ কবিতা পাঠেৰে জীপাল কৰি তোলা অনুষ্ঠানত কৃতী শিক্ষক নীলকান্ত ভৰালী আৰু দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত “গ্ৰাম্য বাৰ্তা”ৰ প্ৰকাশক কেশৰাম চেতিয়াক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ সামৰনি জাতীয় সংগীত পৰিৱেশনৰে কৰা হয় ।