যোৰহাটত সামূহিক দৌৰ

147

যোৰহাটত সামূহিক দৌৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ১১ ছেপ্টেম্বৰ : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক উপলক্ষে অমৃত মহোৎসৱ সমগ্ৰ দেশতে ১৩ আগষ্টৰ পৰা পালন কৰি থকা হৈছে । এই উদ্দেশ্যে চৰকাৰী অনুষ্ঠান , বেচৰকাৰী সংগঠনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে । কেন্দ্রীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্র সংগঠন যোৰহাট কাৰ্যালয়ে যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা ৰজাদিনীয়া ৰাজমাও পুখুৰীৰ পাৰলৈ সামূহিক দৌৰ অনুষ্ঠিত কৰে । যোৰহাট জিলা পৰিষদৰ চাৰিগাঁৱৰ সদস্য বাসবী কলিতা শইকীয়াই ফ্লেগ অফ কৰা শুভাৰম্ভণিত কেন্দ্রটোৰ বিষয়া মায়া শংকৰ বাৰ্মাই ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষৰ লগত সংগতি ৰাখি ২৩ আগষ্টৰ পৰা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন ২ অক্টোবৰলৈ দেশত ৰূপায়ন কৰিবলগীয়া কাৰ্যসমূহৰ সম্পর্কে ব্যাখ্যা কৰি কয়, সুস্থ দেশ হ’বলৈ নাগৰিকসকল সুস্থ হ’ব লাগিব । সেয়ে এই সামূহিক দৌৰৰ আয়োজন । যোগাব্যাস , ব্যাম আদিও কৰা হ’ব । ৰোপন কৰা হ’ব গছপুলি । ভাৰতবৰ্ষৰ ৬৪৪ খন জিলাত আৰু প্ৰতি জিলাৰে ৭৫ খনকৈ গাঁৱত প্ৰতিকী অৰ্থত বৰ্ণাঢ্য কাৰ্যসূচী ৭৫ গৰাকীকৈ লোকে ৰূপায়ন কৰি আছে । দেশৰ সকলো নাগৰিককে অমৃত মহোৎসৱত যোগদান কৰিবলৈ তেওঁ আহ্বান জনায় । নেহৰু যুৱ কেন্দ্র সংগঠন যোৰহাট কাৰ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অনুষ্ঠান , এন জি অ’ৰ ৭৫ গৰাকী যুৱক-যুৱতীয়ে এই দৌৰত অংশ লয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ওলোৱা সামূহিক দৌৰ এ টি ৰ’ড, সাহিত্য সভা পথ , কে বি ৰ’ড, টেনিছ ক্লাৱৰ সমীপ, ৰাজমাও পুখুৰী, যোৰহাট বালক বিদ্যালয়, পুৰণা বাছষ্টেণ্ট, এ টি ৰ’ড হৈ পুনৰ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সামৰণি মাৰে ।