যোৰহাটত ৩২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জিলা প্ৰশাসন, শিক্ষা বিভাগে প্ৰদান কৰিলে কৃতি শিক্ষকৰ সন্মান

129

যোৰহাটত ৩২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জিলা প্ৰশাসন, শিক্ষা বিভাগে প্ৰদান কৰিলে কৃতি শিক্ষকৰ সন্মান

দুৰ্নীতিৰ দৰ্পণ সেৱা,পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ৫ ছেপ্টেম্বৰ:ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্টেম্বৰত সমগ্র দেশতে শিক্ষক দিৱস ৰূপে পালন কৰা হয়। ৬০ সংখ্যক শিক্ষক দিৱস যোৰহাটৰ উত্তৰ-পশ্চিম দিশৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। এই দিৱসস্থলীত যোৰহাট আৰু মাজুলী জিলাৰ ৩২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰে। এই উদ্দেশ্যে পুৱা পৰিবেশ নিকাকৰণৰ পাছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত হাজৰিকাই এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছতে গায়ন-বায়নৰ দলে উপায়ুক্তৰ লগতে নিমন্ত্রিত অতিথি, শিক্ষক-শিক্ষয়িত্ৰী আৰু নিমন্ত্রিত ব্যক্তিসকলক সভা গৃহলৈ আদৰি নিয়ে। ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-দীপ প্ৰজ্বলন কৰাৰ পাছতে মাল্য অৰ্পন কৰে উপায়ুক্তই। মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে অসম সংগীত, সমবেত সংগীত পৰিবেশন কৰাৰ পাছতে অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ আগবঢ়াই যোৰহাট আৰু মাজুলী জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শন দেবজ্যোতি গগৈয়ে। উপায়ুক্তই ভাষণত কয় যে- “প্ৰকৃত মানুহ সৃষ্টি কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বৰ্তমান ছাত্র-ছাত্ৰীসকলৰ বৌদ্ধিক যুঁজৰ ক্ষেত্রত মানসিকতা কমি আহিছে ইয়াক বৃদ্ধি কৰিব লাগিব। তাৰ বাবে পৰিকল্পনা কৰা হৈছে। সফল ৰূপায়নত সহযোগিতা কৰিব লাগিব শিক্ষক-শিক্ষয়িত্ৰীসকলে।” ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী প্ৰধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণত ছাত্র-ছাত্ৰীক সফলতা অর্জনৰ ক্ষেত্রত শিক্ষক-শিক্ষয়িত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পর্কে সোঁৱৰাই দিয়ে। যোৰহাট জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি দিগন্ত ৰাজখোৱাই আঁত ধৰা সভাত দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্রনাথ ভৰালীয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি বক্তব্য আগবঢ়ায়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৱনী গগৈ, উদয় ভাস্কৰ শৰ্মা প্ৰমুখ্যে বহু সংখ্যক লোক উপস্থিত থকা সভাত প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে এখন গ্ৰন্হও উন্মোচন কৰাে। বিদ্যালয়খনৰ অধ্যক্ষা শ্যামলীমা বৰাই আদৰণি ভাষণ দিয়া সভাত মাজুলীৰ ১৬২ নং কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৰচন্দ্ৰ কুলি, কানকুৰীকা ছিনিয়ৰ বেচিক স্কুলৰ সহকাৰী শিক্ষক কুমুদ বৰা, ন-গাঁও গোঁসাইবৰী এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্র নাথ বৰা, ৰঙাচাঁহী টি এন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অমুল্য কুমাৰ নাথ, খাৰজানপাৰ জনজাতি উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক গুণেশ্বৰ বায়ন, যোৰহাট জিলাৰ যোৰহাট মডেল কম্পজিত উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সন্ধ্যাৰাণী বেজবৰুৱা, বৰহোলা উঃমাঃ বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰফুল্ল ভূঞা, ১ নং ধেকেলীমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভীষ্ককান্ত দলে, বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিপ্ৰসাদ দত্ত, সম্ভুনাথ প্ৰাথমিক বিদ্যালয়ৰ নাৰায়ন কুৰ্মী, শালমৰা উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কৌসল্যা বায়ন হাজৰিকা, টীয়ক উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ইভাৰাণী দত্ত ভৰালী,টীয়ক বনাই উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ বৰা, নকছাৰি উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ উত্তম দত্ত, নৱমিলন উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক মেডিনী বৰুৱা, মিলন জ্যোতি এম ই স্কুলৰ সহকাৰী শিক্ষক উৎপল চুতীয়া, বড়িগাঁও পাব্লিক এম ই স্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ বৰা, ১৬ নং সাউদকুচি সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল চন্দ্র বৰা, ম’হবন্ধা কাছমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল চন্দ্র বৰুৱা, চুঙীৰ ধলৰসত্ৰ উঃমাঃ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নিৰদা শইকীয়া, মৰিয়নিৰ মহাদেৱ আগৰৱালা উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক মনোজ কুমাৰ শৰ্মা, বাঁহফলা আদৰ্শ ট্ৰাইবেল উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপালী দত্ত,ধোদাঙৰ ৰৌমৰা নৱজ্যোতি উঃমাঃ বিদ্যালয়ৰ সহকাৰী শিক্ষক লোহিত চন্দ্র বৰা, জাঁজীমুখ জনজাতি উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ কুমাৰ বৰুৱা, শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী দাস শইকীয়া, বৰহোলা ৰজাবাহাৰ চৰকাৰী জুনিয়ৰ বেচিক স্কুলৰ প্ৰধান শিক্ষক পৰাগ ভাগৱতী, টীয়কৰ পুৱ পীড়াকতা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰাণকুমাৰ শৰ্মা, মৰিয়নিৰ ভেলেউগুৰি আদৰ্শ উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্র ভূঞা, বাঁহফলাৰ শ্ৰীশ্ৰী বিষ্ণুদেৱ জনজাতি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী ৰঙিলী দলে পেগু,টীয়কৰ ৫৫২ নং মিধাখাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মালবিকা বৰপুজাৰী, শেনচোৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনতি পেগু, উত্তৰ-পশ্চিম যোৰহাট মগলুখাট এম ভি স্কুলৰ সহকাৰী শিক্ষক জীৱ বৰাক অংগবস্ত্ৰ, সঁফুৰাৰ লগতে অভিনন্দন-পত্ৰ পৰিদৰ্শক, স্থানীয় বিধায়ক, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বিশিষ্ট অতিথিসকলে যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ হৈ কৃতি শিক্ষক ৰূপে ৰাজহুৱাকৈ স্বীকৃতি প্ৰদান কৰে। ইফালে ৬০সংখ্যক শিক্ষক দিৱস উপলক্ষে ৫ছেপ্টেম্বৰত যোৰহাট মক্তৱ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আয়ছা চিদ্দিকাক যোৰহাট লায়েন্স ক্লাৱ, ডিচৈ ভেলিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। তেখেতৰ ফাঁচি আলিস্থিত বাসগৃহত উপস্থিত হৈ লায়েন্স ক্লাৱৰ সভাপতি সত্যব্ৰত বৰুৱা , সম্পাদক ইন্দ্ৰজিত প্ৰসাদ , কোষাধ‍্যক্ষ দিপালী চলিহা,সদস্যা গীত হাজৰিকা আৰু সুস্মিতা বৰঠাকুৰে এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়।