ভূটানৰ লক-ডাউনৰ কু-ফল ভূগিছে অসমৰ বহু পৰিয়ালে! কৰ্মসংস্থাপনহীন হৈছে তামুলপুৰৰ বহু পৰিয়াল

104

ভূটানৰ লক-ডাউনৰ কু-ফল ভূগিছে অসমৰ বহু পৰিয়ালে! কৰ্মসংস্থাপনহীন হৈছে তামুলপুৰৰ বহু পৰিয়াল

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১১ আগষ্টঃ কৰ্ম সংস্থাপনহীন হ’ল বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ বহু পৰিয়াল । এমুঠি অন্নৰ বাবে হাহাকাৰ দৰঙামেলাবাসী । মৰিশালীৰ নিস্তব্ধতা অঞ্চলটোত । কথাতে আছে-“একালৰ বৃন্দাবন একালত পৰে ছন”-সেয়াই এতিয়া বাস্তৱত পৰিণত হৈছে বাক্সাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ দৰঙামেলা অঞ্চল । ভূটান সীমান্তৰ দৰঙামেলা এসময়ত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সদা ব্যস্ত এখন ঠাই । চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ সৈতে ব্যৱসায়ৰ ক্ষেত্ৰত আছিল ব্যাপক যোগাযোগ । সীমান্তৱৰ্তী ঠাইখন হৈ পৰিছিল ব্যৱসায় বাণিজ্যৰ এক প্ৰাণ কেন্দ্ৰ । কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলটোত পৰিল লকডাউনৰ ব্যাপক প্ৰভাৱ । ২০২০ চনৰ পৰা কোৰোণাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ অন্য ঠাইৰ লগতে পূৰ্বোত্তৰ ভুটানৰ চামদ্ৰুপ ঝংখাৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ পথ বন্ধ কৰি দিয়ে । ফলত ব্যাপক প্ৰভাৱ পৰে স্থানীয় লোকৰ ওপৰত ।