লাভলীনা বৰগোহাঁইক অসম প্ৰদেশ কংগ্ৰেছৰ পৰা অভিনন্দন

195

লাভলীনা বৰগোহাঁইক অসম প্ৰদেশ কংগ্ৰেছৰ পৰা অভিনন্দন

ষ্টাফ ৰিৰ্পটাৰ , দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁই আজি অসমৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক গৌৰৱ।টকিঅ অলিম্পিক ২০২০ ত অসম কন্যা লাভলীনা বৰগোঁহাইৰ চমকপ্ৰদ প্রদর্শনে সমগ্র দেশবাসীৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ লগতে দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰলৈ এক অনন্য জোৱাৰ আনিবলৈ সক্ষম হৈছে । অসমৰ বাবে বিশেষ ভাৱে লাভলীনাৰ এই সাফল্য আছিল ঐতিহাসিক । কিয়নো , ১২৫ বছৰীয়া ইতিহাসত এয়াই হৈছে প্রথমখন অলিম্পিক পদক । অনাগত সময়ত তেওঁ আৰু অধিক সফল হওক , নিষ্ঠা , একাগ্ৰতাৰ বলেৰে লাভলীনাই সফলতাৰ সু-উচ্চ শিখৰ স্পৰ্শ কৰক , তাৰেই কামনাৰে আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা লাভলীনাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তিনি লাখ টকাৰ এখন চেক্ আগবঢ়োৱা হয় । এই অভিনন্দন অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী ভূপেন‌ বৰাৰ সৈতে বিধায়নী দলৰ দলপতি দেব্ৰত শইকীয়া আৰু বিধায়নী দলৰ মূখ্য সচেতক তথা দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক আলহাজ ওৱাজেদ আলী চৌধুৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু অন্যান্য জ্যেষ্ঠ নেতা সকল উপস্থিত থাকে ।