লিডুত মেগা ভেকছিনেশ্বন ড্ৰাইভ

128

লিডুত মেগা ভেকছিনেশ্বন ড্ৰাইভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ৭ ছেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত লিডুৰ পাটকাই ষ্টেডিয়ামৰ সভাকক্ষত আজি পূৱাৰে পৰা আৰম্ভ হৈছে মেগা ভেকছিনেশ্বন ড্ৰাইভ । তিনিচুকীয়া জিলা প্ৰশাসন,শ্ৰীশ্যাম প্ৰচাৰক মণ্ডল এণ্ড আৰ কে শৰ্মা চেৰিটেবল ট্ৰাষ্ট , লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু লিডু ইয়থ ক্লাৱৰ উদ্যোগত আয়োজিত হোৱা মেগা ভেকছিনেশ্বন ড্ৰাইভ চেন্টাৰত মুঠ তিনি হাজাৰ পাঁচশ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা লক্ষ্যৰে আয়োজন কৰা বুলি জানিব পৰা গৈছে । মুঠ ছটা কাউন্টাৰত প্ৰদান কৰা ভেকছিনেশ্বন চেন্টাৰত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক,আৰক্ষী বিভাগৰ লোকৰ লগতে ইয়ুথ ক্লাৱৰ শতাধিক সদস্যই শৃংখলাবদ্ধ ভাৱে কাৰ্য সম্পাদন কৰে । প্ৰথম আৰু দ্বিতীয় পালিৰ ভেকছিন মুঠ ৪৮ হাজাৰ লোকক ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি সদৰি কৰিছে ট্ৰাষ্টৰ বিষয়ববীয়া সকলে ।