শংকৰদেৱৰ তিৰোভাৱ তিথিত ঐতিহাসিক ঘিলাজাৰী সত্ৰ আৰু হালাপাকুৰীৰ ডাক বঙলা পৰিদৰ্শন জিলা উপায়ুক্তৰ

95

শংকৰদেৱৰ তিৰোভাৱ তিথিত ঐতিহাসিক ঘিলাজাৰী সত্ৰ আৰু হালাপাকুৰীৰ ডাক বঙলা পৰিদৰ্শন জিলা উপায়ুক্তৰ

“মনোমতী উপন্যাসৰ ৰচনা থলি উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা লোৱা হ’ব”

দুৰ্নীতিৰ দৰ্পণ , বৰপেটা , ৮ ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোতে বৰপেটা জিলাৰ হাউলীস্থিত ঐতিহাসিক ঘিলাজাৰী সত্ৰ আৰু ৰজনীকান্ত বৰদলৈয়ে ১৮৯৭ চনৰ পূৰ্বে হালাপাকুৰী গাওঁৰ যিটো ডাক বঙলাত বহি ‘মনোমতী’ উপন্যাস খন ৰচনা কৰিছিল সেই ঐতিহাসিক ডাক বঙলাৰ ভূমি বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি পৰিদৰ্শন কৰে । উল্লেখ্য যে , বৃটিচ প্ৰশাসক তথা ইতিহাস প্ৰণেতা গেইট চাহাবৰ অনুপ্ৰেৰণাত এই বৃহত্তৰ অঞ্চলৰ ঐতিহাসিক সমল গ্ৰহণ কৰি মানৰ তৃতীয় আক্ৰমণৰ পটভূমিত এই অঞ্চলৰ শাসনকৰ্তা চন্ডী নাৰায়ণ বৰুৱাৰ সৈতে মানৰ তয়াময়া যুঁজ আৰু ইয়াৰ বিষম পৰিনতিয়ে অসমীয়া মানুহ থানবান হোৱা জীয়া কাহিনী সম্বলিত মনোমতী’ উপন্যাসখন অঞ্চলটোৰ এক ঐতিহাসিক আৰু ৰাজনৈতিক দলিল স্বৰূপ । ইতিমধ্যে বেদখল কাৰীৰ কবলত পৰা আৰু স্মৃতি চিন্হ হেৰাই যাব খোজা উক্ত ঠাই খিনি মুকলি কৰি ইয়াক এক ঐতিহাসিক স্হানৰূপে গঢ়ি তুলিবলৈ অঞ্চলটোৰ ৰাইজে মনোমতী উপন্যাস ৰচনাস্হলী স্মৃতি ৰক্ষা সমিতি গঠন কৰি আবেদন জনাইছে । আজিৰ পৰিদৰ্শন কালত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত উপায়ুক্ত গৰাকীয়ে অতি সোনকালে ঠাই খিনি বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে । উপায়ুক্ত গৰাকীয়ে লগতে আজি মহাপুৰুষ শ্ৰীমন্তশংকৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে মহাপুৰুষ গৰাকীয়ে কোচ ৰজা নৰনাৰায়ণক সাক্ষাত দিয়া আৰু পৰৱৰ্তী সময়ত চতুর্ভুজ ঠাকুৰৰ দ্বাৰা পৰিচালিত ঘিলাজাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনৰ অৱস্থাৰ বুজ লয় ।