শিক্ষকসকল সমাজৰ যথাৰ্থ সম্পদ : বজালী উপায়ুক্ত , বজালী জিলাৰ বিভিন্ন ঠাইত শিক্ষক দিৱস উদযাপন

81

শিক্ষকসকল সমাজৰ যথাৰ্থ সম্পদ : বজালী উপায়ুক্ত , বজালী জিলাৰ বিভিন্ন ঠাইত শিক্ষক দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা,সঞ্জীৱ দাস, ভৱানীপুৰ, ৫ ছেপ্টেম্বৰঃ বজালী জিলা প্ৰশাসন আৰু বৰপেটা জিলা শিক্ষা বিভাগৰ উদ্যোগত আজি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬০ সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচী উদযাপন কৰে। বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা এই মহত্বপূৰ্ণ অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে উপায়ুক্ত দেৱ চৌধুৰী , শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, শিক্ষাবিদ মুৰাৰী মোহন দত্ত আৰু সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে অৱসৰী অধ্যাপক ড° ভূপেন্দ্ৰ তালুকদাৰে।লেখক তথা শিক্ষক পুলু কুমাৰ শৰ্মাই আত ধৰা এই অনুষ্ঠানত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ডিম্বেশ্বৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰে আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সঞ্জীব তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানত উপায়ুক্ত দেৱ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, শিক্ষক সকল হৈছে সমাজৰ যথাৰ্থ সম্পদ । প্ৰচুৰ জ্ঞান অৰ্জন কৰি শিক্ষক সকলে শিক্ষাৰ্থীক মানুহ ৰূপে গঢ় দি সমাজ উজলাব লাগিব। আৰু ইয়াৰ বাবে শিক্ষক জ্ঞানান্বেষী হব লাগিবই । অট্টালিকা গাড়ী ঘৰে মাটিয়ে সমাজৰ শ্ৰীবদ্ধি নকৰে। সমাজ সুন্দৰ কৰে জ্ঞানৰ ভঁৰালে । তেওঁ শিক্ষক সকলক সমাজৰ শ্ৰেষ্ঠ সম্পদ বুলিও অভিহিত কৰে । অনুষ্ঠানত মুনীন্দ্ৰ নাৰায়ণ গোস্বামী মুৰাৰী মোহন দত্ত আৰু ভূপেন্দ্ৰ তালুকদাৰেও বক্তব্য আগবঢ়ায় । উল্লেখ্য যে, এই অনুষ্ঠানত ১২ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনাও প্ৰদান কৰা হয় । ইপিনে,বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়টো শিক্ষক দিৱস উদযাপন কৰে । আনপিনে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে বজালী জিলাৰ বহুকে’গৰাকী কৃতী শিক্ষকক আজিৰ এই পৱিত্ৰ দিনটোৰ সম্বৰ্ধনা জনায় আৰু একোখনকৈ জাতীয় বাৰ্তা আগবঢ়ায় ।