শিৱসাগৰত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত হিতাধিকাৰী সকলক উদগনিমূলক চেক্ প্ৰদান অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

127

শিৱসাগৰত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত হিতাধিকাৰী সকলক উদগনিমূলক চেক্ প্ৰদান অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ , আঁচনিৰ প্ৰথম পৰ্য্যায়ত ৫০০০ মহিলা হিতাধিকাৰী লাভান্বিত

দুৰ্নীতিৰ দৰ্পণ , বিশেষ সংবাদদাতা , শিৱসাগৰ , ২৯ নৱেম্বৰ : অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১ ৰ অধীনত আজি শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসমৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে হিতাধিকাৰী সকলক উদগনিমূলক চেক্ প্ৰদান কৰে । গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লক্ষ্যৰে তথা মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত উদ্যমী মহিলা সকলক ৰেহাই আৰু সকাহ দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিৰ অধীনত প্ৰথম পৰ্য্যায়ত আজি ক্ষীপ্ৰভাৱে ঋণ পৰিশোধ কৰা জিলাখনৰ মুঠ ২৬,৩১৭ গৰাকী মহিলা হিতাধিকাৰীৰ ভিতৰৰ পৰা ৫ হেজাৰ গৰাকী ঋণগ্ৰস্ত মহিলা হিতাধিকাৰীক প্ৰদান কৰা হয় সৰ্বাধিক ২৫ হেজাৰ টকাকৈ চেক্ । আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিক ভাৱে ১১ গৰাকী মহিলাক চেক্ প্ৰদান কৰি জিলাখনত আ‌চনিখনৰ শুভাৰম্ভ কৰে । নিজ বক্তব্যত মন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে কথা দিলে কথা ৰাখে বুলি উল্লেখ কৰে । তেওঁ কয় যে , ঋণৰ ধন ঘূৰাই বিচাৰি কিছুমান মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে ঋণ গ্রস্ত মহিলা সকলক অযথা হাৰাশাস্তি কৰিছিল আৰু ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা উলংঘা কৰি ঋণ প্ৰদান কৰিছিল । ইয়াৰ বাবে গাঁৱৰ মহিলাসকল সমস্যাত পৰিছিল বুলিও তেওঁ উল্লেখ কৰে । ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বহুতে আত্মহত্যাও কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে , এই সমূহ বিষয় অনুধাৱন কৰি গাঁৱৰ মহিলা সকলক ঋণৰ বন্দিত্বৰ পৰা মুক্তি দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছিল । মহিলা আৰু শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ খন অত্যন্ত দায়িত্বশীল,সংবেদনশীল বুলিও ভাষণ মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত প্ৰসংগত উল্লেখ কৰে । জিলা উন্নয়ন আয়ুক্ত শোভণ গোৱালাই উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল , সেয়া আখৰে আখৰে পালন কৰিছে বুলি মন্তব্য কৰে । তেওঁ মুখ্যমন্ত্ৰী গৰাকীক তেখেতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ ঋণ গ্রস্ত মহিলা সকলক ভৱিষ্যতে পৰিশোধৰ ক্ষমতা অনুসৰি ঋণ লোৱাৰ পৰামৰ্শ প্ৰদান কৰে , যাতে আর্থিক সমস্যাত জুৰুলা হ’ব লগা নহয় । অনুষ্ঠানত জিলা উপায়ুক্ত মেঘ নিধি দাহালে শলাগৰ শৰাই আগবঢ়ায় । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে , অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম আৰু চন্দনা বৰুৱাকে ধৰি ভালে সংখ্যক প্ৰশাসনিক বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

শিৱসাগৰ আবৰ্ত ভৱনত অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৰ স‍ংবাদমেল , ১০০ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা “হৰ ঘৰ দস্তক” অভিযান সফল কৰাৰ বাবে জনসাধাৰণৰ সহযোগিতা আহ্বান

দুৰ্নীতিৰ দৰ্পণ , বিশেষ সংবাদদাতা , শিৱসাগৰ , ২৯ নৱেম্বৰ : ১০০ শতাংশ ক’ভিড-১৯ ভেকচিন প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ মানসেৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলাতো আজিৰে পৰা আৰম্ভ কৰা “হৰ ঘৰ দস্তক” অভিযানৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰ জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত শিৱসাগৰ জিলাৰ কভিড ভেকচিন ল’বলৈ বাকী থকা লোকসকলৰ তথ্য দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে । শিৱসাগৰ জিলাত বৰ্তমানে ২৩৬৬ গৰাকী ব্যক্তি ভেকচিন ল’বলৈ অনীহা প্ৰকাশ কৰি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে , এই সকল লোকক নাম,ঠিকনা সহ চিনাক্ত কৰা হৈছে । তেওঁলোকক ভেকচিন ল’বলৈ আগ্ৰহী কৰি তুলিবলৈ যথাযথ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ অৱগত কৰে । সংবাদমেলত অভিভাৱক মন্ত্ৰী গৰাকীয়ে কয় যে , জিলাখনৰ ভোটাৰ তালিকা অনুসৰি থকা মুঠ ভেকচিন হিতাধিকাৰীৰ সংখ্যা ৫,১৩,৪৫১ গৰাকী আৰু ইয়াৰে ৫,০৬,৪৯৭ গৰাকী জীৱিত লোকৰ বিপৰীতে মুঠ হিতাধিকাৰী ভোটাৰৰ গৰ্ভৱতী মহিলা , জিলাৰ বাহিৰত থকা ব্যক্তি,ক’ভিড ৰোগত আক্ৰান্ত ইত্যাদিকে ধৰি মুঠ ১৭,৫৮৮ গৰাকীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই যদিও কোনো কাৰণ নোহোৱাকৈ জিলাখনৰ ২৩৬৬ গৰাকী লোকে এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনিচ্ছা প্ৰকাশ কৰিছে । এই সকলক ঘৰে ঘৰে গৈ ভেকচিন ল’বলৈ আহ্বান জনোৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে । এই সকলক আজিৰ পৰা “হৰ ঘৰ দস্তক” অভিযানৰ দ্বাৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে । উল্লেখযোগ্য যে,দেশত ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা “হৰ ঘৰ দস্তক” অভিযানৰ অংশ হিচাপে ভোটদান কেন্দ্ৰ ভিত্তিত ৰাজ্যখনৰ এলেকাসমূহ সামৰি অসমৰ সকলো যোগ্য লোকৰ এশ শতাংশকে ভেকচিন প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ নিৰীক্ষণ কাৰ্যসূচী হাতত লৈছে । আজি অৰ্থাত ২৯ নৱেম্বৰৰ পৰা অহা ৫ ডিচেম্বৰৰ ভিতৰত এই লক্ষ্যত উপনীত হ’বৰ বাবে অসমৰ মুখ্যমন্ত্ৰী,মন্ত্ৰী বৰ্গ,সাংসদ,বিধান সভাৰ সদস্য আৰু মুখ্য সচিবকে ধৰি জেষ্ঠ বিষয়াসকলে ভোটদান কেন্দ্ৰৰ অঞ্চলসমূহ পৰিদৰ্শন কৰিব । এই অভিযানৰ যোগেদি যিসকল ব্যক্তিয়ে এতিয়াও ভেকচিন লোৱা নাই বা দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে বা কোনো কোনোৱে অনিহা প্ৰদৰ্শন কৰিছে , তেওঁলোকেও ভেকচিন গ্ৰহণ কৰাটো সুনিশ্চিত কৰা হ’ব । অভিভাৱক মন্ত্ৰীৰ সৈতে আজিৰ সংবাদমেলত থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই , শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল , আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন , অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ উপস্থিত থাকে ।