শিৱসাগৰত জিলা উপায়ুক্তৰ দ্বাৰা বিধৱা সাহাৰ্য্য আঁচনিৰ অন্তৰ্গত ৪০ গৰাকী স্বামীহাৰা মহিলাক ২.৫০ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান

118

শিৱসাগৰত জিলা উপায়ুক্তৰ দ্বাৰা বিধৱা সাহাৰ্য্য আঁচনিৰ অন্তৰ্গত ৪০ গৰাকী স্বামীহাৰা মহিলাক ২.৫০ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত ক’ভিডত স্বামীহাৰা হোৱা জিলাখনৰ ২৪ গৰাকী মহিলাক ৯ ছেপ্তেম্বৰত শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে ২.৫০ লাখ টকাৰ একোখনকৈ এককালীন সাহাৰ্য্যৰ চেক বিতৰণ কৰে। এই উপলক্ষে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে কয় যে, যিসকল মহিলাই ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱা নিজ স্বামীক হেৰুৱাইছে তেনে মহিলাসকলক পৰিয়াল পৰিচালনা কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ পৰা আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰিছে। উপায়ুক্তগৰাকীয়ে লগতে কয় যে, হিতাধিকাৰী সকলে এই এককালীন সাহায্য লাভ কৰাৰ উপৰিও অসম চৰকাৰে ঘোষণা কৰা অন্যান্য আঁচনিসমূহৰো সুবিধা লাভ কৰিব পাৰিব। উল্লেখ্য যে, শিৱসাগৰত দ্বিতীয় পৰ্যায়ত এই ২৪ গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত আজি চেক লাভ কৰা হিতাধিকাৰীসকল হ’ল আমগুৰিৰ হালোৱাটিঙৰ লীলা ৰয়, আমগুৰিৰ বেজ গাৱঁৰ মিনাক্ষী ফুকন, ডিমৌৰ দিহিঙীয়া গাঁৱৰ পুৰৱী চেতিয়া, ডিমৌৰ কেন্দুগুৰি গাৱঁৰ তৃণামণি কাকতি, গেলেকীৰ ফাতিমা বেগম, নাজিৰা নগৰৰ কল্পিতা দাস, নাজিৰাৰ কপহুৱাৰ মধুস্মিতা হাজৰিকা কোঁৱৰ, শিৱসাগৰৰ বালিঘাটৰ সুৰেখা বেগম, ষ্টেচন চাৰিআলিৰ আলমা বেগম, খাটপথাৰৰ তৃপ্তি মজুমদাৰ, থানামুখৰ বেবী আৰা বেগম, ভিতৰুৱালৰ ৰূপালী বড়া, ৰূপহী পথাৰৰ পুতুল বেগম, ষ্টেচন চাৰিআলিৰ চিম্পি দে’, আমগুৰি গাৱঁৰ তাহিদা আহমেদ আৰু আৰিফা বেগম, বেতবাৰী দ–গাঁৱৰ অঞ্জনা চেতিয়া, কোৱামৰা সন্দিকৈ গাঁৱৰ আলেহা বেগম, মেলাচকৰৰ তুলুমণি পাঠক শৰ্মা, লাহিঙিয়া গাঁৱৰ বিউটি গগৈ, ধাইআলিৰ আলিজা বেগম, এইচ. চি. বি. ৰোড শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ মৰ্জিনা বেগম, মিটং নকটানিৰ ৰশ্মি শইকীয়া আৰু জয়সাগৰৰ মিনতি বৰঠাকুৰ । আজিৰ এই চেক বিতৰণ অনুষ্ঠানত হিতাধিকাৰী সকলৰ উপৰিও অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ আৰু কৰ্মদেৱ ব্ৰহ্ম উপস্থিত থাকে ।