শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

133

শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয় ৷ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত উপায়ুক্তই জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ যেনে-কৃষি, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মান (গৃহ আৰু পথ), মীন, শিক্ষা, বন, শক্তি, পশুপালন আৰু পশুচিকিৎসা, সমাজ কল্যাণ, প্ৰদুষন নিয়ন্ত্ৰণ, প্ৰত্নতত্ব, উদ্যোগ আৰু বাণিজ্য, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জলসিঞ্চন, চহৰ আৰু গাঁও পৰিকল্পনা, ৰেচম, জিলা পৰিষদ, পৰ্য্যটন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদিৰ অন্তৰ্গত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্য্যালোচনা কৰে৷ বৈঠকত উপায়ুক্ত গৰাকীয়ে আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায় ৷ তেওঁ জিলাখনত ৰূপায়িত চৰকাৰী আঁচনি সমূহৰ বিষয়ে বিভিন্ন সময়ত চৰকাৰ বা প্ৰশাসনে বিচৰা প্ৰতিবেদনসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যথাযথভাৱে দাখিল কৰিবলৈ বিভাগীয় মূৰব্বীসকলক নিৰ্দেশ দিয়ে। এই প্ৰতিবেদন সমূহ যুগুত কৰাৰ আৰু দাখিল কৰাৰ বাবে বিভাগীয়ভাৱে একোগৰাকী ন’ডেল বিষয়া নিৰ্দিষ্ট কৰিবলৈ তেওঁ পৰামৰ্শ প্ৰদান কৰে। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ সঠিক ৰূপায়ণত অগ্ৰাধিকাৰ প্ৰদান কৰে। উপায়ুক্তগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক জিলাখনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ কাৰ্যসূচী “জল জীৱন মিছন”ৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে বিভাগীয় বিষয়া সকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত কোনো অসুবিধা বা সমস্যাৰ সন্মুখীন হ’লে, এই বিষয়ে তেওঁক অৱগত কৰিবলৈ কয়। স্বাস্থ্য বিভাগক ক’ভিড-১৯ অতিমাৰীৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত অধিক ফলপ্ৰসূ পদক্ষেপ গ্রহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। তেওঁ ক’ভিড-১৯ -ৰ বিষয়ে ৰাইজক অধিক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান বজাই ৰখা আদি নিয়মাৱলী মানি চলাটো সকলোৱে সুনিশ্চিত কৰিলেহে ক’ভিড-১৯ -ৰ ভয়াৱহতাৰ পৰা জিলাখনে পৰিত্ৰাণ লাভ কৰিব বুলি তেওঁ মতপোষণ কৰে। আনহাতে ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মই নাবাৰ্ড (NABARD) -ৰ দ্বাৰা প্ৰযোজিত (sponsored) আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে নাবাৰ্ডৰ ডি. ডি. এম. -ক অৱগত কৰি থাকিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। তেওঁ শেহতীয়াভাৱে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বিচৰা প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মূৰব্বী সকলক অহা ১৪ আগষ্টৰ ভিতৰত দাখিল কৰিবলৈ কয়। বৈঠকত সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মীৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ৷