শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

68

শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বাট-পথ তথা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱা অব্যাহত ৰাখিছে। উপায়ুক্ত গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত ২৮ আগষ্ট তাৰিখে দিখৌমুখ ভৰলুৱা গাওঁৰ ৰামখাপীঠ দেৱালয় সংযোগী পথটো সম্প্ৰতি বানপানীত বুৰ যোৱা প্ৰত্যক্ষ কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত এই পথটিৰ মেৰামতিৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰকাশ পেগুক ক্ষীপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে উপায়ুক্ত গৰাকীয়ে লগতে স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আশু সমাধানকল্পে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।