শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ তৎপৰতা

77

শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ তৎপৰতা

দুৰ্নীতিৰ দৰ্পণ ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মেঘ নিধি দাহালৰ ব্যাপক তৎপৰতা ৷ শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালে শিৱসাগৰ জিলাৰ অন্তৰ্গত জকাইচুক মৌজাৰ দুলিয়া গাওঁৰ মিতং নৈৰ সমীপৰৱৰ্তী কাৱৈমাৰী তিনিআলিৰ কাষৰ কালভাৰ্টটোৱেদি পানী বৰ্তমানলৈকে বন্ধ নোহোৱাৰ খবৰ লাভ কৰি সেই স্থানত উপস্থিত হৈ কালভাৰ্টটোৰ অৱস্থা প্ৰত্যক্ষ কৰে। আনহাতে তেওঁ এই সন্দৰ্ভত লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰকাশ পেগুক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।