শীঘ্ৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬ খন জাহাজ , ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

105

শীঘ্ৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬ খন জাহাজ , ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৫ ছেপ্তেম্বৰঃ আজি পুনৰ নিমাতীঘাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা । নিমাতীঘাটত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰে যে , এনে আকস্মিক দুৰ্ঘটনাৰ বাবে আমি চৰকাৰ সাজু নাছিলো । অচিৰেই যোৰহাট–মাজুলীৰ মাজত চলিব ৬খন জাহাজ । এতিয়া চলি আছে দুখন ৰোপেক্স আৰু এখন জাহাজ । গুৱাহাটীৰ পৰা গৈ আছে আৰু দুখন জাহাজ । এম এছ ৰাজলক্ষ্মী,এম এছ ডিগাৰু কাইলৈ যোৰহাট পাব । ১৭ ছেপ্টেম্বৰলৈ আৰু এখন জাহাজ যোৰহাট পাব । কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২ খন ৰোপেক্স , দুটা জেট্টী মাজুলীত দিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । মেৰাইন ইঞ্জিন থকা দুখন ব্যক্তিগত নাঁও আজিৰ পৰা চলিব । ৮ খন নাওৰ বাবে মেৰাইন ইঞ্জিন দিয়া হ’ব । ইয়াৰ বাবে সময় ৬০ দিন লাগিব । অফলামুখ কমলাবাৰী ঘাটলৈ ৩ টাকৈ ট্ৰীপ চলি আছে জাহাজৰ । আনহাতে , যাত্ৰী সকলৰ টিকটৰ কাৰণে মোবাইল এপৰ ব্যৱস্থা কৰিব চৰকাৰে । ২১ বা ২২ তাৰিখৰ পৰা মোবাইল এপত টিকট কাটিব পাৰিব যাত্ৰী সকলে । ঘৰৰ পৰাই টিকট কাটিব পাৰিব , লাইন পাতিব নালাগে । ১৫ দিনমান কষ্ট হ’ব , তাৰ পিছত সকলো ভাল হ’ব বুলি মন্তব্যৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয় যে , মাজুলীৰ পৰা লখিমপুৰ হৈ চলিব নাইট ছুপাৰ । গুৱাহাটীৰ পৰা আমি মণিটৰৰ ব্যৱস্থা কৰিম । নিমাতীঘাটৰ ঘটনাত ১২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে,জামিন পাব নোৱাৰাকৈ ছাৰ্জশ্বীট দিম বুলিও মন্তব্য কৰে ডাঃ হিমন্ত বিশ্ব শৰ্মাই ।