শোণিতপুৰত শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ চৰকাৰৰ আঁচনি ৰূপায়ন সন্দৰ্ভত বৈঠক

133

শোণিতপুৰত শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ চৰকাৰৰ আঁচনি ৰূপায়ন সন্দৰ্ভত বৈঠক , চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাসগৃহত উপস্থিত হৈ সাক্ষৎ কৰি মহামত গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা, ০১ অক্টোবৰ : অসম চৰকাৰৰ শ্ৰম কল্যাণ আদি দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি শোণিতপুৰ জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত বুজ লয় । এই উপলক্ষে উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনী কক্ষত আয়োজিত এক সভাত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য , অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ উপৰি জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া আৰু পৌৰসভাৰ কাৰ্যবাহী বিসয়া সকল উপস্থিত থাকে । আঁচনি ৰূপায়নৰ পৰ্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে সকলো বিষয়াকে আঁচনি সমূহৰ সঠিক ৰূপায়ন সন্দৰ্ভত নিৰ্দেশনা দিয়ে লগতে তেওঁ প্ৰধানমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা আঁচনি সমূহৰ দ্ৰুত ৰূপায়ন সন্দৰ্ভত পোনপটীয়াকৈ নিৰীক্ষণ কৰাৰ কথা বিষয়া মণ্ডলিক অবগত কৰে । মন্ত্ৰী গৰাকীয়ে উপায়ুক্তক সকলো আঁচনিৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত নিয়মীয়া নিৰীক্ষণ নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ বিষয়াসকলক আঁচনিসমূহৰ লাভালাভ যাতে দৰিদ্ৰ লোকসকলে লাভ কৰিবলৈ সক্ষম হয় , সেয়া নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে । মন্ত্ৰী গৰাকীয়ে আলোচনা কালত আঁচনি সমূহৰ জৰিয়তে হিতাধিকাৰী সকলে প্ৰত্যক্ষ ভাবে বেংকৰ জৰিয়তে লাভ কৰিব লগা সুবিধা সমূহৰ ক্ষেত্ৰত থকা কাৰিকৰী অসুবিধা সমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায় । পৰ্যালোচনা সভাত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জিলাখনত ৰূপায়ন হৈ থকা আঁচনি সমূহ খতিয়ান দাঙি ধৰাৰ লগতে ক’ভিড-১৯ ৰ টিকাকৰণ , জলজীৱন মিছন আদি আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী গৰাকীক অৱগত কৰে । সভাৰ অন্তত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি শোণিতপুৰ জিলাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ ভালেমান হিতাধিকাৰীক বাসগৃহত সাক্ষৎ কৰি ব্যক্তিগত ভাবে তেওঁলোকৰ মতামত গ্ৰহণ কৰে । মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কালত ক’ভিডত স্বমীহাৰা হোৱা ভাৰতী তাঁতি নামৰ মহিলা গৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা লাভ কৰা আৰ্থিক সাহাৰ্য আৰু বিধবা পেঞ্চন লাভ কৰা সন্দৰ্ভত বুজ লৈ মত বিনিময় কৰে । তদুপৰি মন্ত্ৰী গৰাকীয়ে বৃদ্ধ পেঞ্চন লাভ কৰা সুবাঞ্জী কালন্দী , বিধবা পেঞ্চন লাভকৰা অঙ্গীতা গোৱালা , বিন্দিয়া কেৰকাটাই লাভ কৰা মুখ্যমন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য পুঁজি আৰু ৰাথু তাঁতিয়ে অতল অমৃত যোজঁনাৰ আওতাত লাভ কৰা সাহাৰ্যৰ উপৰি আন কেইবাগৰাকীও হিতাধিকাৰীৰ লগত মতবিনিময় কৰি তেওঁলোকে লাভ কৰা চৰকাৰৰ আৰ্থিক সাহাৰ্যৰ বিষয়ে প্ৰত্যক্ষ ভাবে বুজ লয় ।