শ্রীশ্রী পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , পাটবাউসীৰ দুয়ােখন সত্ৰৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ প্রকল্প হাতত ল’ব

622

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ ,  ৩ আগষ্ট : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহাপুৰুষ শ্ৰীমন্ত শংৰদেৱৰ কৰ্মভূমি পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান পৰিদৰ্শন কৰি সেৱা আগবঢ়ায় । মুখ্যমন্ত্ৰীয়ে লগতে থানখনত সংৰক্ষিত হৈ থকা গুৰুজনাৰ স্মৃতি বিজড়িত সম্পদৰাজি প্রত্যক্ষ কৰে । থানখন পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই সত্ৰাধিকাৰ , সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা ভকতবৃন্দৰ সৈতে মত-বিনিময় কৰি থানখনৰ সংৰক্ষণ আৰু সংবর্ধনৰ বিষয়ে আলােচনা কৰে । থান পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই থানখনৰ মুখ্য পাঠক কমলাকান্ত দাস জটিল ৰােগত আক্ৰান্ত হৈ থকা বুলি অৱগত হােৱাত তেখেতৰ উন্নত চিকিৎসাত সহায়ক হােৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকা অনুদানৰ এখন চেক তাৎক্ষণিকভাৱে প্রদান কৰে । ইয়াৰ পিছতে থান চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্রহণ কৰিছিল আৰু মধুপুৰ সত্ৰত গুৰুজনাৰ মহাপ্রয়াণ হৈছিল । কিন্তু এই পাটবাউসীতে ১৮ বছৰ ৬ মাহ কাল থাকি গুৰুজনাই জীৱনৰ উৎকৃষ্টতম সৃষ্টিৰাজি অসমৰ জনগণ আৰু নতুন প্রজন্মৰ বাবে এৰি থৈ গৈছে । গুৰুজনাৰ জন্মস্থান বৰদোৱাত ইতিমধ্যে চৰকাৰে এক বৃহৎ প্রকল্পৰ কাম আৰম্ভ কৰিছে । আজি পাটবাউসীলৈ আহি এই থানখনৰ বিষয়ে প্ৰাৰম্ভিকভাৱে বুজ লােৱাৰ কথা উল্লেখ কৰি পাটবাউসীৰ দুয়ােখন সত্ৰৰ সংৰক্ষণ আৰু সংবর্ধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এটা বৃহৎ প্রকল্প হাতত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ৰ কেবিনেট বৈঠকত এই সম্পর্কত সিদ্ধান্ত লােৱা হ’ব বুলিও তেওঁ ব্যক্ত কৰে । আজিৰ এই থান পৰিদৰ্শনৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী , নৰােৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগােস্বামী , সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জনার্দন অধিকাৰী , কুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্ত অধিকাৰী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীশ্ৰী দামােদৰ দেৱ স্থাপিত আদিধাম শ্রীশ্রী পাটবাউসী সত্র পৰিদৰ্শন কৰি সত্ৰখনত সেৱা জনায় । পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে সত্ৰখনত সংৰক্ষিত হৈ থকা সাঁচিপতীয়া পুথিকে ধৰি আপুৰুগীয়া সম্পদৰাজি প্রত্যক্ষ কৰে । সত্র প্রাঙ্গনত মুখ্যমন্ত্রী ড° শৰ্মাক সত্ৰখনৰ সত্ৰাধিকাৰকে ধৰি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে উষ্ম আদৰণি জনােৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে । তদুপৰি , মুখ্যমন্ত্রী ড° শৰ্মাক সত্ৰখনৰ তৰফৰ পৰা ‘জনশিৰােমণি’উপাধিৰে বিভূষিত কৰি এখনি উপাধিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰে । সত্ৰখনত উপস্থিত থকা ভকত-বৈষ্ণৱক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে , অসমৰ ঐতিহ্যমণ্ডিত সত্ৰীয়া সংস্কৃতি নৱ প্ৰজন্মৰ বাবে ৰক্ষা কৰাটো বৰ্তমানৰ চৰকাৰৰ অন্যতম মূল লক্ষ্য । তেওঁ লগতে কয় যে , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ , শ্রীশ্রী দামােদৰদেৱ , ভট্টদেৱৰ কৰ্মভূমি পাটবাউসীক আগুৱাই নিয়াৰ লগতে পাটবাউসীৰ দুয়ােখন সত্রকে জগৎ সভালৈ লৈ যােৱা আৰু গুৰুজনাৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব । আজিৰ এই পৰিদৰ্শন কালতে মুখ্যমন্ত্রী ড° শৰ্মাই জিলা প্রশাসক সত্ৰখনৰ মাটিৰ বিৱৰণৰ তথ্য দাখিলৰ বাবেও নির্দেশ দিয়ে । শ্রীশ্রী পাটবাউসী সত্ৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী , শ্ৰীশ্ৰী পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গােস্বামীকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।