সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল ধেমাজিৰ মৰিঢল  কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া , ৰাজ্যজুৰি শোকৰ ছাঁ , ডিব্ৰুগড়ত বিভিন্ন জনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন 

336
সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল ধেমাজিৰ মৰিঢল  কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া , ৰাজ্যজুৰি শোকৰ ছাঁ , ডিব্ৰুগড়ত বিভিন্ন জনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , ধনটি শইকীয়া , ডিব্ৰুগড় , ২৫ আগষ্ট : মৃত্যুৰে সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ বীৰাংগনা ছাত্ৰী নন্দিতা শইকীয়াই । ২১ আগষ্টৰ পৰা ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমৰ ভেন্টিলেটৰত সংকট জনকভাৱে চিকিৎসাধীন হৈ থকা নন্দিতা শইকীয়াই বুধবাৰে দিনৰ ১.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । ৰাজ্য জোকাৰি যোৱা এই শিহৰণকাৰী ঘটনাৰ বিৰুদ্ধে ছাত্র সমাজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে নন্দিতাৰ মৃত্যুৰ খবৰে স্বাভাৱিকতে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যৰ ছাত্র সমাজক । ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমৰ চিকিৎসকৰ এটা দলে নন্দিতাক জীয়াই তোলাৰ বাবে চলাইছিল নেৰানেপেৰা প্ৰচেষ্টা । ইফালে , চিকিৎসকে মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত ছাত্ৰীগৰাকীৰ অৱস্থা ক্ৰমাৎ সুস্থিৰ হৈছিল । চোকা অস্ত্ৰৰে ঘাটকে কৰা উপৰ্যপুৰি আক্ৰমণৰ ফলত অধিক ৰক্তক্ষৰণ হৈছিল নন্দিতা । কিন্তু চিকিৎসকৰ এই নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে নন্দিতাক । ইফালে , নন্দিতাৰ চিকিৎসাৰ সকলো বিল ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমানে । ছাত্ৰী গৰাকীৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰাৰ বাবে নাৰ্চিং হোম কৰ্তৃপক্ষই দোষ প্ৰকাশ কৰিছে । আনহাতে , নন্দিতাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা চমজি লয় ডিব্ৰুগড় আৰক্ষীয়ে । জিলা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ চমজি লোৱাৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় অসম চিকিৎসা মহাবিদ্যালয়লৈ । এ এম চিৰ পৰা পোনে পোনে ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত নন্দিতাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ধেমাজি মৰিঢল মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে ঢকুৱাখনাৰ নৱ কাঠবাৰী গাঁৱলৈ লৈ যোৱা হয় নন্দিতাৰ মৃতদেহ আৰু নিজ গৃহতে শেষ কৃত সম্পূৰ্ণ কৰিব বুলি পৰিয়াল বৰ্গ জানিবলৈ দিয়ে । উল্লেখযোগ্য যে , পৰীক্ষা দি অহাৰ পিছতে মৰিঢল মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী নন্দিতা শইকীয়া , কস্মিতা দত্তক মহাবিদ্যালয়ৰ চৌহদতে চোকা অস্ত্ৰৰে উপৰ্যপুৰি আক্ৰমণ কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই । কেৱল সেয়াই নহয় , কন্যাৰ প্ৰাণ ৰক্ষা কৰিবলৈ যোৱা পিতৃ নবীন শইকীয়াকো আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ঘাটক ৰিন্টু শৰ্মাই । ইফালে , একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ থকাৰ সময়তে কন্যাৰ মৃত্যুৰ আকস্মিক খবৰে শোকাচ্ছন্ন কৰিছে পিতৃ নবীন শইকীয়াক । মন কৰিবলগীয়া যে , ২১ আগষ্টত সংঘটিত হোৱা ঘটনাৰ পিছৰে ৰাজ্য চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে বুজ লোৱা নাই নন্দিতাৰ স্বাস্থ্য । খোদ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ জিলাত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে নীৰৱতা অৱলম্বন কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে । নন্দিতাৰ উন্নত চিকিৎসাৰ বাবে গ্ৰহণ নকৰিলে ব্যৱস্থা‌ । ইফালে , ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰিছে পৰিয়াল বৰ্গ , বুদ্ধিজীৱী , সচেতন মহল তথা ছাত্ৰ সমাজে যাতে কোনো কাৰনতে দুখীয়ে আইনৰ সুৰুঙাৰে শাৰী যাব নোৱাৰে , ইয়াৰ ওপৰত চৰকাৰক দাবী জনাইছে ।