সদৌ অসম সদ্য প্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক(টিউটৰ) সন্থা গঠন

106

সদৌ অসম সদ্য প্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক(টিউটৰ) সন্থা গঠন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , গুৱাহাটী , ২৬ ছেপ্টেম্বৰ : ৰাজ্যত বছৰ বছৰ ধৰি ৰাইজে স্থাপন কৰা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠান সমূহ যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰাদেশীকিকৰণ আইন ২০১৭ অনুযায়ী প্ৰতিষ্ঠান সমূহৰ শিক্ষক কৰ্মচাৰী শিক্ষকৰ পূৰ্ণ মৰ্য্যদা অবিহনেই টিউটৰ হিচাপে প্ৰাদেশীকৃত হয় যদিওঁ আসোঁৱাহপূৰ্ণ আইনৰ বাবে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ থাকিব লগীয়া হয় শিক্ষক কৰ্মচাৰী সকল । যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীৰ দাবী সমূহ উমৈহতীয়াকৈ চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ বাবে যোৱা মাৰ্চ মাহতেই অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকলকলৈ নগাওঁ জিলা সাহিত্য সভা ভৱনত এখনি তদৰ্থ সমিতি গঠন কৰি নিযুক্তি প্ৰাপ্ত টিউটৰ সকলক বেছ ইস্কুলৰ পৰিৱৰ্তে ৰাইজৰ দ্বাৰা স্থাপন হোৱা প্ৰতিষ্ঠান সমূহ পূৰ্ণাংগ বিদ্যালয় হিচাপে স্বীকৃতি দিয়া , টিউটৰ মাননি মুকলি কৰাৰ লগতে পূৰ্ণাংগ শিক্ষক হিচাপে স্বীকৃতি প্ৰদান কৰা ইতিমধ্যে বাদ পৰা শিক্ষক কৰ্মচাৰী সকলৰ পদো আইন সংশোধন কৰি প্ৰাদেশিকিকৰণ কৰা , এনে বিদ্যালয় সমূহত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক বিনামূলীয়া সাজপাৰ যোগান ধৰাকে আদি কৰি বিভিন্ন দাবী ইতিমধ্যে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন কাৰ্য্য সম্পাদনা কৰি আহিছে । কভিড পৰ্টকলৰ বাবে পূৰ্ণাঙ্গ সমিতি গঠন কৰিব নোৱাৰাত আজি গুৱাহাটীৰ দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত সকলো জিলাৰ প্ৰতিনিধি লগ হৈ শ্বেক আব্দুল্লাক মুখ্য উপদেষ্টা , মনোহৰ হুছেইনক মুখপাত্ৰ , তিনিচুকীয়া জিলাৰ প্ৰদীপ কুমাৰ মৰানক সভাপতি , কামৰূপ মেট্ৰো জিলাৰ জীৱন তালুকদাৰক কাৰ্য্যকৰী সভাপতি , কামৰূপ গ্ৰাম্য জিলাৰ পৱিত্ৰ ডেকাক মুখ্য সম্পাদক , হিচাপে লৈ এখনি ৩১ জনীয়া সদৌ অসম সদ্যপ্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক (টিউটৰ) সংস্থাৰ পূৰ্ণাঙ্গ সমিতি গঠন কৰে বুলি এক প্ৰেছ বিবৃতি যোগে কাৰ্য্যকৰী সভাপতি জীৱন তালুকদাৰে জনাইছে । উল্লেখ্য যে , আজিৰ সভাৰ এক প্ৰস্তাৱ যোগে অসমত ইতিমধ্যে তদৰ্থ ভিত্তিত চলি থকা সংস্থা সমূহ ভংগ কৰিছে বুলিও জানিব দিয়াৰ লগতে নতুন সমিতিৰ লগত সকলো প্ৰতিষ্ঠানক পৰৱৰ্তী সংস্থাৰ কাৰ্য্য ক্ৰমণিকাৰ বাবে যোগাযোগ ৰক্ষা কৰিবলৈ আহ্বান জনায় ।