সাৰৰ কৃতিম নাটনি আৰু অসাধু ক’লা ব্যৱসায়ীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত কৃষি মন্ত্ৰীক সাক্ষাৎ আমছুৰ

74

সাৰৰ কৃতিম নাটনি আৰু অসাধু ক’লা ব্যৱসায়ীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত কৃষি মন্ত্ৰীক সাক্ষাৎ আমছুৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৬ ছেপ্টেম্বৰঃ সম্প্ৰতি অসমত কৃষি উৎপাদনৰ বাবে সাৰৰ অধিক নাটনি হোৱা পৰিলক্ষিত হৈছে । একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত সাৰৰ কৃতিম নাটনিৰ উজুহাত দেখুৱাই চলাই আছে ৰমৰমীয়া ক’লা ব্যৱসায় । এই বিষয়ে আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰি ইয়াৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ আমছুৰ দাবী সমূহ অতি গুৰুত্ব সহকাৰে লয় মন্ত্ৰী গৰাকীয়ে । লগতে অতি কম সময়ৰ ভিতৰতে ক’লা ব্যৱসায়ী সকলক তদন্তৰ আঁওতাত আনিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে কেইবাজনো সাৰৰ ক’লা ব্যৱসায়ী তদন্তৰ আঁওতাত আহিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ লগতে অতি সোণকালে সঠিক মূল্যত সাৰ বজাৰত উপলব্ধ হব বুলিও মন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে ।