সুদীৰ্ঘ দিনৰ মূৰত পুণৰ মুকলি হ’ল বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ , মহিলা সকলক উৎপাদনমুখী কামত ব্ৰতি হোৱাৰ আহ্বান উপায়ুক্তৰ

228

সুদীৰ্ঘ দিনৰ মূৰত পুণৰ মুকলি হ’ল বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ , মহিলা সকলক উৎপাদনমুখী কামত ব্ৰতি হোৱাৰ আহ্বান উপায়ুক্তৰ

দুৰ্নীতিৰ দৰ্পণ ,ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ৪ ছেপ্টেম্বৰ: যিকোনো খাদ্যৰ প্ৰস্তুতি এটা কলা। ইয়াক উপযুক্ত প্ৰশিক্ষণেৰে সঠিক দিশত আগুৱাই নিব পাৰিলে অৰ্থনৈতিক দিশতো যথেষ্ট লাভান্বিত হোৱাৰ সুযোগ থাকে। বৰপেটা জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা অনুষ্ঠিত আছাৰ, পাপড় আৰু মছলাৰ গুৰি প্ৰস্তুতি সম্পৰ্কীয় এটি প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি দিয়া ভাষণত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এইদৰে কয়। তেওঁ কয় যে যিকোনো বস্তু সুন্দৰকৈ আৰু উৎকৃষ্ট ৰূপত প্ৰস্তুত কৰিব পাৰিলে তেনে সামগ্ৰীৰ সকলোৱে শলাগ লয় আৰু ই এখন ভাল বজাৰৰ সৃষ্টি কৰিব পাৰে। তেওঁ মহিলা সকলক উৎপাদনমুখী কামত ব্ৰতি হ’বলৈ আহ্বান জনায়। ৰাইনো ক্লাবত থকা ইয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, মহিলা সকলে দিনটো ঘৰতে থাকি বহুত কাম কৰে যদিও তাৰ কোনো আৰ্থিক মূল্য দিয়া নহয়। সেয়ে তেওঁলোকে নিজৰ নিত্য নৈমিত্তিক কৰ্মৰ মাজতে আত্মসংস্থাপনৰ সুযোগ উলিয়াই লোৱাৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ সমূহে যথেষ্ট সহায় কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ দ্বাৰা মহিলা সবলীকৰণতো সহায়ক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে, মহিলা সকলে কৰ্মৰ মাজেৰে স্বাবলম্বিতাৰ পথ উলিয়াই লবলৈ যত্নপৰ হলে নাৰী নিৰ্যাতনো হ্ৰাস পাব। ইউকো বেঙ্কৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক নৱজিৎ দাসে আঁতধৰা সভাখনত প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰঞ্জিত তালুকদাৰ, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া প্ৰণামিকা পাঠকেও ভাষণ দিয়ে। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা প্ৰশিক্ষণ কাৰ্য ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে আজিৰে পৰা পুণৰ আৰম্ভ কৰা হৈছে। দহদিনীয়া এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৪২ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে। তেওঁলোকক দুটা গোটত ভাগ কৰি সম্পূৰ্ণ কোভিড বিধি অনুসৰি এই প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। এই প্ৰশিক্ষণৰ অন্তত হাহঁ-কুকুৰা পালন আৰু দুগ্ধ উৎপাদন তথা কেচুসাৰ প্ৰস্ততি বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব বুলি সঞ্চালক ৰঞ্জিত তালুকদাৰে জনাইছে। তেওঁ কয় যে, এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া আৰু প্ৰশিক্ষণৰ অন্তত আগ্ৰহী সকলক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে বেঙ্ক ঋণৰো ব্যৱস্থা কৰি দিয়া হয় । সৌন্দৰ্য চৰ্চা, ধূপকাঠি আৰু মৰাপাটৰ সামগ্ৰী প্ৰস্তুতি, ছাগলী আৰু গাহৰি পালন, উদ্যান শস্য, কম্পিউটাৰ আদি ভালেমান বিষয়ত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে বুলি জানিবলৈ দি তেওঁ ইয়াৰ বাবে আগ্ৰহী সকলক ৭০০২৪১৭৯৯৭ নম্বৰ মোবাইল ফোনত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানৰ পৰাই আছাৰ প্ৰস্তুতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা কয়াকুছীৰ নুৰ নেহাৰ আহমেদে মাত্ৰ পাঁচ হাজাৰ টকা বিনিয়োগেৰে আছাৰ আৰু জেলীৰ ব্যৱসায় আৰম্ভ কৰি বৰ্তমান এগৰাকী অতি সফল উদ্যোগী হিচাপে পৰিগণিত হৈছে। তেওঁ এই প্ৰশিক্ষণ কাৰ্যসূচীত এগৰাকী সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিছে ।