সৰুক্ষেত্ৰীৰ বৰবালাত পোষণ মাহ উপলক্ষে পোষণ মেলা উদযাপন

100

সৰুক্ষেত্ৰীৰ বৰবালাত পোষণ মাহ উপলক্ষে পোষণ মেলা উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ৩০ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত পোষণ মাহ উপলক্ষে পোষণ মেলা অনুষ্ঠিত হয় । এক ছেপ্টেম্বৰ পৰা ত্ৰিশ ছেপ্টেম্বৰলৈ চলি থকা পোষণ মাহ উপলক্ষে সামৰণি হিচাপে পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৪৩ নং পূৱ বৰবালাৰ অঙ্গনৱাড়ী কেন্দ্ৰত পোষণ মেলা অনুষ্ঠিত কৰে কৰ্মী আৰু সহায়িকাসকলে । মেলাত ৰান্ধনী বাগিছা স্থাপন , ফল-মূল, শাক-পাচলি আৰু গছপুলি ৰোপণ,খাদ্য সামগ্ৰী প্ৰদৰ্শনী মেলা ,গৰ্ভৱতী আৰু শিশুক খাদ্য খোৱা উৎসৱ , গীত-মাত-নৃত্যৰে মুকলি সভা অনুষ্ঠিত হয় । স্থানীয় মুৰব্বী মোছলেম উদ্দিন খানৰ পৌৰহিত্যত অনুষ্ঠিত পোষণ মেলাৰ মুকলি সভাত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কমল কুমাৰ শৰ্মা,পোষণ খণ্ড সমন্বয়ক সৌৰৱ কুমাৰ দাস , মুখ্য সেৱিকা ৰিজু শৰ্মা আৰু ৰেহেনা হকে ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে । মুকলি সভাত মুখ্য সেৱিকা শেৱালি দাস আৰু আজেদা খাতুন , পোষণ খণ্ড সহায়ক ননীগোপাল গোস্বামী , পাৰিসাংখ্যিক সহায়ক দিগন্ত দাস,সাংবাদিক নজৰুল ইছলাম,সমাজকৰ্মী গোলাপ হোছেইনকে আদি কৰি বহুতো গন্য-মান্য ব্যক্তি উপস্থিত থাকে । আনহাতে , স্থানীয় মুৰব্বী সমাজ,মহিলা সমাজ, অঙ্গনৱাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকলৰ সৈতে কৰ্মচাৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকি পোষণ মেলাখন মনোগ্ৰাহী কৰি তোলে ।