সৰুপথাৰত আছাম ৰাইফলছৰ চাইকেল ৰেলী

118

সৰুপথাৰত আছাম ৰাইফলছৰ চাইকেল ৰেলী

দুৰ্নীতিৰ দৰ্পণ সেৱা , কুলেশ বৰা , সৰুপথাৰ , ২২ ছেপ্টেম্বৰ : ভাৰত বৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ লগত সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলত থকা সামৰিক , অৰ্ধসামৰিক তথা আছাম ৰাইফল বাহিনীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে । সেই অনুসৰি আজি উত্তৰ পূৰ্বাঞ্চলৰ নগালেণ্ড ডিমাপুৰৰ চুকভিত থকা আছাম ৰাইফলছ ট্ৰেইনিং চেণ্টাৰৰ পৰা পুৱা প্ৰায় ৫ বজাত এক ৭৫ জনীয়া আছাম ৰাইফলছ জোৱানৰ এক বৃহৎ চাইকেল ৰেলী উলিওৱা হয় । উক্ত চাইকেল ৰেলী নগালেণ্ডৰ ডিমাপুৰৰ পৰা কাৰ্বিআংলং হৈ প্রায় ৮০ কিলোমিটাৰ দৈৰ্ঘৰ পথ অতিক্ৰম কৰি গোলাঘাট জিলাৰ সৰুপথাৰত দিনৰ প্ৰায় ১১ বজাত আহি উপস্থিত হয়হি । চাইকেল ৰেলীত অংশ গ্ৰহণ কৰা জোৱান সকল সৰুপথাৰ আহি পোৱাৰ লগে লগে কুশল ভৱনৰ সন্মুখত আছাম ৰাইফলছৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত পতাকা জোকাৰি জোৱান সকলক উষ্ম আদৰণি জনায় শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী হৰিনী কোঁৱৰে । ইয়াৰ পিছতে ধনশিৰি মহকুমা প্ৰশাসনৰ হৈ সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া হেমাংগা নবিছ , সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ সহ আছাম ৰাইফলছৰ ভালেকেইজন উচ্চ পদস্থ বিষয়াই সৰুপথাৰ ৰাজহুৱা ভৱনৰ প্ৰাংগণত থকা শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । উক্ত কাৰ্যসূচীৰ অন্তত সৰুপথাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰে । আছাম ৰাইফলছৰ এগৰাকী বিষয়াই আঁত ধৰা অনুষ্ঠানত নাগালেণ্ডৰ ডিমাপুৰত থকা আছাম ৰাইফলছ প্ৰশিক্ষণ কেন্দ্ৰৰ ডি আই জি সুৰেশ কুমাৰ চৌহান , সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া হেমাংগা নবিছ ,সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ সহ আছাম ৰাইফলছৰ ভালেকেইজন উচ্চ পদস্থ বিষয়া উপস্থিত থকা উক্ত অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী হৰিনী কোঁৱৰ আৰু দুগৰাকী নাতি মৃদুল আৰু মিলনক সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানতে আছাম ৰাইফলছৰ তৰফৰ পৰা শাৰীৰিক ভাৱে সক্ষম এগৰাকী লোকক এখন হুইল চেয়াৰ প্ৰদান কৰে ।