হাইলাকান্দিত দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

50

হাইলাকান্দিত দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৭ ছেপ্টেম্বৰঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHE)ৰ বিভিন্ন প্ৰকল্পত অস্থায়ীভাৱে বা স্বেচ্ছাসেৱক হিচাপে কাম কৰাসকলৰ বাবে সুখবৰ । চৰকাৰে মানৱীয় দৃষ্টিৰে চাই ব্যবস্থা গ্ৰহণ কৰিব এইসকলৰ বাবে । ৰাজ্যত আৰম্ভ হ’বলগীয়া নতুন ১০ হাজাৰ পানী যোগান আঁচনিত নিয়োগ হ’বলগীয়া স্বেচ্ছাসেৱকৰ দৰে মাননি লাভ কৰিব পুৰণী স্বেচ্ছাসেৱক সকলেও । যাৰ বাবে ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । আজি হাইলাকান্দিত বিভাগীয় পৰ্যালোচনা সভাৰ শেষত এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ গ্ৰামোন্নয়ন , খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে । তিনি দিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিনা হাইলাকান্দিত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । হাইলাকান্দিত উপস্থিত হৈ গ্ৰামোন্নয়ন , খাদ্য আৰু অসামৰিক যোগান বিভাগ,জনস্বাস্থ্য আৰু কাৰিকৰি বিভাগৰ বিষয়াসকলৰ সৈতে তিনিখনকৈ পৃথকে পৃথকে পৰ্যালোচনা সভাত মিলিত হয় । পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে উপস্থিত থাকে জিলাৰ দুই বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ । পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই মন্ত্ৰী দাসে কয় যে,সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দুৰ্নীতিৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে , জল জীৱন মিছনৰ জৰিয়তে হাইলাকান্দি জিলাত চলিত মাহত ৯ হাজাৰ গৃহ সংযোগ দিয়াৰ লক্ষ্য পূৰণ হৈছে । ইপিনে, অহা ৩১ মাৰ্চৰ ভিতৰত হাইলাকান্দি জিলাৰ চণ্ডিপুৰত নিৰ্মিয়মাণ মেগা প্ৰজেক্টৰ জৰিয়তে জিলাৰ ২১ হাজাৰ পৰিয়ালক পানী যোগান দিয়া হ’ব বুলি জনায় বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ।