হিটলাৰৰ নাজী নে কাবুলৰ তালিবান ? মৃতদেহৰ ওপৰত আসূৰিক অত্যাচাৰ চলোৱা কোন এই পাষণ্ড ?

149

হিটলাৰৰ নাজী নে কাবুলৰ তালিবান ? মৃতদেহৰ ওপৰত আসূৰিক অত্যাচাৰ চলোৱা কোন এই পাষণ্ড ?

জমিৰউদ্দিন তালুকদাৰ, ২৩ ছেপ্টেম্বৰঃ ঘটনাৰ স্থান দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ গৰুখুঁটি ৷ তাতে আজি চলি আছিল চৰকাৰী উচ্ছেদ অভিযান ৷ অভিযান চলি থকাৰ সময়ত নিজৰ আশ্ৰয়ৰ শেষ ঠিকনাকনো এৰি যাবলৈ অপ্ৰস্তুত গঞাই প্ৰশাসনৰ বিৰুদ্ধে আৰম্ভ কৰিলে প্ৰতিবাদ ৷ এটা সময়ত প্ৰতিবাদে ললে ভয়ংকৰ ৰূপ ৷ আৰক্ষীৰ গুলিত ঠাইতে ঢলি পৰিল এজন লোক ৷ পৰি যোৱা মানুহজনৰ ওপৰত এদল আৰক্ষীয়ে লাঠিৰে অত্যাচাৰ চলোৱাৰ লগতে দৰং প্ৰশাসনৰ ফটোগ্ৰাফাৰজনে দৌৰি দৌৰি গৈ সোধালে কেবাটাও থিয় গোৰ, ঘোচা ৷ মৃতদেহৰ ওপৰত চলোৱা এই পৈশাচিক আৰু বৰ্বৰ দৃশ্য সামাজিক মাধ্যমত ভায়ৰেল হোৱাৰ পিছত সৰ্বত্ৰে ধিক্কাৰ, গৰিহণাৰ জোৱাৰ উঠিল ৷ কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হলে এজন মানুহে এটা মৃতদেহৰ ওপৰত পশুৰ দৰে জপিয়াই পৰিব পাৰে ? মানুহৰূপী দানৱটোৰ শৰীৰত অসূৰ প্ৰবৃত্তিয়ে বাঁহ লোৱাৰ কাৰণে এই জঘন্য কাণ্ড সংঘটিত কৰিব পাৰিলে ৷ ইমান সংখ্যক পুলিছ-মেলিটাৰীৰ সন্মুখত এজন লোকে বাৰে বাৰে গৈ এটা প্ৰাণহীন দেহৰ ওপৰত এইদৰে গোৰ, ঘোচা সোধাব পাৰিলে ? মৃত মানুহজনৰ ওপৰত আৰক্ষীৰ পোছাক পিন্ধা এজন লোকেও অত্যাচাৰ চলোৱা দেখা গৈছে ৷ মৃত শৰীৰৰ ওপৰত এনেদৰে অত্যাচাৰ চলোৱা মানুহজন আচলতে আজিৰ দিনৰ অসূৰ ৷ এই সম্পৰ্কে বিশিষ্ট লেখক আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– “গাৰ নোম শিয়ঁৰি উঠা এক ভয়ংকৰ দৃশ্য ৷ এজন মানুহক এজাক আৰক্ষীয়ে গুলীয়াই, লাঠিৰে কোবাই কোবাই মৰাৰ পাছত মৰাশটোৰ ওপৰত সাংবাদিক যেন লগা হাতত কেমেৰা থকা এজনে জপিয়াই জপিয়াই গোৰ সোধাই আসুৰিক তৃপ্তি লভিছে। মৃতদেহটোৰ ওপৰত লং জাপ মাৰিছে, গুৰিয়াইছে ৷ কিমান প্ৰতিশোধ পৰায়ন এই দানৱ সকল! এটা বলিয়া কুকুৰকো হয়তো মানুহে এনেদৰে নামাৰিব।৷ মাৰিব নোৱাৰিব। মানৱতাৰ বধ্যভূমি ৷ অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে এখন নামজ্বলা ৰাজ্যত পৰিণত হৈছে ৷ জয় আই অসম।” একেদৰে লেখক পৰাগ দাহালে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ফেচবুকত লিখিছে– “কিহৰ জোৰত এই বৰ্বৰতা ? ক’ৰ পৰা আহে এই যথেচ্ছাচাৰৰ সাহস, নিঃশংকা ? এই অমানৱীয়তা মুকলি কৰাৰ বাবে যি আত্মবিশ্বাসৰ প্ৰয়োজন, তাৰ আঁৰত আছে এদলৰ সমৰ্থন আৰু আন এদলৰ নিৰ্লিপ্ততা। আৰু গভীৰতালৈ গ’লে পোৱা যাব এই সমৰ্থক আৰু নিৰ্লিপ্ত দুয়োটা দলৰ অন্তৰত দীৰ্ঘদিন ধৰি পুঞ্জীভূত অপ্ৰকাশিত ঘৃণা। আমাৰ চকুত যি পৰি আছে সি হৈছে এটা হৈমশিলাৰ ওপৰ-অংশহে। হয়, এয়াই তিতা বাস্তৱ। দুখ প্ৰকাশ, ক্ষোভ প্ৰকাশ, কটুবাক্যই এই বাস্তৱ সলাব নোৱাৰে। সাময়িক সকাহৰ উপায় বিচাৰি, ৰোগৰ চিকিৎসা নকৰি লক্ষণৰ উপচাৰ বিচাৰি পৰিত্ৰাণ পোৱা নাযাব। গুৰিলৈকে খান্দি যাবই লাগিব, যিমানেই কষ্টকৰ হ’লেও শিপাতেই আঘাত কৰিব লাগিব ৷ আহক, শিপাৰ সন্ধান কৰোঁ। অপ্ৰিয় প্ৰশ্নবোৰ এৰাই নচলি সিবোৰৰ মুখামুখী হওঁ। যিসকলে বুজা নাই যে ভিক্টিম কাৰ্ডৰ আৱেদন অতিকৈ লোভনীয় হ’লেও সি এই জ্বলন্ত জুইত ঘৃতাহুতি হোৱাৰ বাহিৰে আন একো উপকাৰ নাসাধে, তেওঁলোকক বুজনি দিওঁ, নুবুজিলে তেওঁলোককো বিপক্ষত ৰাখিবৰ বাবে প্ৰস্তুত হওঁ। মানৱতাক ৰক্ষা কৰাৰ যুঁজখন কাৰো অপেক্ষাত থমকি ৰ’ব নোৱাৰে ৷ এটা বিষাক্ত অক্টোপাচে তাৰ নৃশংস হাতোৰা মেলি ধৰিছে। তাৰ কৰাল গ্ৰাসৰ পৰা মানৱতাক ৰক্ষা কৰিবই লাগিব। ভ্ৰাতৃঘাতী ঘৃণাবোৰক প্ৰেমলৈ ৰূপান্তৰিত কৰিবই লাগিব ৷