হোজাইত মাত্ৰু বন্দনা সপ্তাহ-২০২১ৰ সামৰণি আৰু বটাঁ প্ৰদান অনুষ্ঠান

108

হোজাইত মাত্ৰু বন্দনা সপ্তাহ-২০২১ৰ সামৰণি আৰু বটাঁ প্ৰদান অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ০৭ ছেপ্তেম্বৰঃ সমগ্ৰ দেশৰ লগতে হোজাই জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰ লৈ পালন কৰা মাত্ৰু বন্দনা সপ্তাহ-২০২১ ৰ সামৰণি অনুষ্ঠান আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় । উক্ত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপায়ুক্ত শ্ৰী অনুপম চৌধুৰীয়ে সমাজ কল্যাণ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক উদ্দেশ্যে কৰি কয় যে , আমি সততা,নিষ্ঠা আৰু যোগাত্মক মানসিকতাৰে ৰাইজৰ হকে কাম কৰি যাব লাগিব ৷ যাতে আমি আমাৰ কৰ্মৰ মাধ্যমত ৰাইজৰ স্মৰণত থাকিব পাৰো আৰু সেয়াই হব আমাৰ কৰ্মজীৱনৰ আশীৰ্বাদ আৰু চৰম প্ৰাপ্তি । জিলাখনত এই আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা পূৰ্ণ সহযোগীতা আগবঢ়োৱাৰ হব বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে । আজিৰ এই অনুষ্ঠানত আচঁনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন দিশত দেখুৱা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ সংহত শিশু উন্নয়ন প্ৰকল্প , তত্বাৱধায়ক,অংগনৱাদী কৰ্মী,অংগনৱাদী সহায়িকা আৰু শ্ৰেষ্ঠ ডাটা এনট্ৰি অপাৰেটৰক উপায়ুক্তৰ দ্বাৰা তেওঁলোকক শ্রেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হয় ।