হোজাইত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২১ উদযাপন

92

হোজাইত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২১ উদযাপন

জমিৰউদ্দিন তালুকদাৰ, ডবকা ১৬ নৱেম্বৰঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২১ লংকা প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসন, মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত লংকা চহৰস্থিত লংকা হাইস্কুল প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে লংকা প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত গোস্বামীয়ে, বন্তি প্ৰজ্জ্বলন কৰে লংকা প্ৰেছ ক্লাৱৰ উপদেষ্টা অপূৰ্ব বৰঠাকুৰে আৰু মুখ্য উপদেষ্টা ৰোহিত আগৰৱালাই বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লয়। দিনৰ ১১ বজাত লংকাৰ জ্যেষ্ঠ সাংবাদিক তোষেশ্বৰ তামুলী ফুকনৰ সভাপতিত্বত এই বছৰৰ মূল বাণী “সংবাদ মাধ্যমক ভয় নকৰে কোনে ?” শীৰ্ষক বিষয়ৰ ওপৰত এক আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনাসভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিয়ে প্ৰেছ দিৱস সন্দৰ্ভত জ্ঞানবৰ্দ্ধক বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ লগতে উপস্থিত সকলো সাংবাদিকক প্ৰেছ দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। আলোচনা চক্ৰত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন সংবাদকর্মী ৰবীন্দ্ৰ কুমাৰ ৰথে মুখ্য অতিথি হিচাবে উপস্থিত থাকি নিৰ্ধাৰিত মূল বাণীৰ ওপৰত এক অতুলনীয় তত্বগধুৰ ভাষণ প্ৰদানৰ মাধ্যমত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। উক্ত অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত সকলো সাংবাদিকক উষ্ম আদৰণী জনোৱা হয়। তাৎপৰ্যপূৰ্ণ আজিৰ এই প্ৰেছ দিৱস অনুষ্ঠানত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায় আৰু বিশিষ্ট সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱা প্ৰমুখ্যে লংকা সমাজ জীৱনৰ বিভিন্ন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।