১৫৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱলৈ শ্ৰদ্ধাঞ্জলি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ

233

১৫৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱলৈ শ্ৰদ্ধাঞ্জলি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ অসমীয়া ভাষা সাহিত্যৰ পথ প্ৰদৰ্শক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৷ উল্লেখযোগ্য যে , কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস, অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱা দেৱৰ অৱদান অতুলনীয় ৷ আনহাতে কৃপাবৰ বৰুৱা ছদ্মনামত সাহিত্যৰথী গৰাকীয়ে “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি নিজকে সমাজ সংস্কাৰক ৰূপেও চিনাকি দি গৈছে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত থকা দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মাজতে অসমীয়া ভাষা সাহিত্যৰ এই মহীৰূহগৰাকীৰ ১৫৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে শিৱসাগৰৰ অন্যতম সামাজিক ও সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী” ৰ উদ্যোগত আৰু বেজবৰুৱা বংশ সদনৰ সদস্যসকলৰ বিশেষ সহযোগত ১৪ অক্টোবৰ বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ দিখৌ দলংৰ সমীপৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানস্থিত বেজবৰুৱা বংশ সদনৰ দ্বাৰা নিৰ্মিত লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ সন্মুখত ১৫৭ গচি বন্তি প্ৰজ্বলন কৰি অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীজনক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ আয়োজন কৰা এই কাৰ্য্যসূচীৰ আৰম্ভণিতে বিশিষ্ট অতিথিৰূপে উপস্থিত থকা জ্যেষ্ঠ শিক্ষাবিদ তথা শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰকাশ কটকীক সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি তথা ৰসৰাজৰ নাতি প্ৰবীণ বেজবৰুৱাই এখনি ফুলাম গামোচাৰে সম্ভাষণ জনায় ৷ তাৰ পিছতেই তেখেতে মুখ্য বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰাৰ লগতে সাহিত্যৰথীৰ ওপৰত এক সুন্দৰ আলোকপাত কৰে ৷ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক প্ৰধান অমৃত কুমাৰ শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তথা বিশিষ্ট চিত্ৰ-আলোকচিত্ৰ শিল্পী জিতেন কাকতি, সহকাৰী সম্পাদিকা তথা অসম চৰকাৰৰ অডিট বিভাগৰ সহকাৰী সঞ্চালক লাৱণ্য কলিতা দত্ত, সমাজসেৱক তথা অসম নাট্য সন্মিলন শিৱসাগৰ শাখাৰ সভাপতি অনংগ মোহন শৰ্মা, জ্যেষ্ঠ নাট্য সমালোচক-সমাজকৰ্মী নিৰজা প্ৰসাদ শৰ্মা, ডাঃ অৱনী শৰ্মা, সাংস্কৃতিককৰ্মী বীনা গোস্বামী, বিশিষ্ট সংগীত শিল্পী প্ৰণতি বৰুৱা, সচেতন মহিলা প্ৰণতি নাথ আদিকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ৷৷