২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা হোজাইত,১ নৱেম্বৰৰ পৰা আৰম্ভ হব সংশোধনীৰ কাম

86

২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা হোজাইত,১ নৱেম্বৰৰ পৰা আৰম্ভ হব সংশোধনীৰ কাম

জমিৰউদ্দিন তালুকদাৰ, ডবকা ২০ অক্টোবৰঃ আজি হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনুপম চৌধুৰীৰ অধ্যক্ষতাত হোজাই জিলাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতত ২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত উপায়ুক্তই হোজাই জিলাৰ অধীনস্থ ৯০ নং যমুনামুখ, ৯১ নং হোজাই আৰু ৯২ নং লামডিং বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম অহা ০১/১১/২০২১ তাৰিখৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে। যি সকল নাগৰিকে অহা ইংৰাজী ০১/০১/২০২২ তাৰিখে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰিব তেওঁলোকক অহা ইংৰাজী ০১/১১/২০২১ তাৰিখৰ পৰা ৩০/১১/২০২১ তাৰিখৰ ভিতৰত তেওঁলোকে বসবাস কৰা অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া (BLO)ৰ পৰা ৬ নং প্ৰ-পত্ৰ সংগ্ৰহ কৰি শুদ্ধ ভাবে প্ৰ-পত্ৰ পূৰণ কৰি সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) বা সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া (AERO) অথবা স্থানীয় চক্ৰ বিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব পাৰিব, লগতে যদি কোনো ভোটাৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলগীয়া থাকে তেন্তে ৭ নং প্ৰ-পত্ৰ, নাম স্থানান্তৰ কৰিবৰ বাবে ৮ (ক) নং প্ৰ-পত্ৰ আৰু নাম, বয়স, সমন্ধ, ফটো আদি শুধৰণি কৰিবলগীয়া থাকিলে তেন্তে ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত জমা দিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে সভাত অৱগত কৰে। উক্ত সভাত উপায়ুক্তগৰাকীয়ে প্ৰবাসী ভাৰতীয় সকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৬ (ক) নং প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব অথবা তেওঁলোকে Online www.nvsp.in যোগে বা Voter Helpline Mobile এপৰ যোগেদিও আবেদন পত্ৰ দাখিল কৰিব পাৰিব বুলি জনায় ৷ সভাত উপায়ুক্তগৰাকীয়ে উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক সমাজৰ হিতৰ বাবে এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোক সকলৰ মাজত সজাগতা বৃদ্ধি কৰি ওচৰৰ প্ৰতিষেধক কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায় ৷