৪২ লাখৰ পৰা ৬০ লাখলৈ সদস্যৰ সংখ্যা বৃদ্ধিৰ পণ ভৱেশ কলিতাৰ, আৰম্ভ হ’ল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

53

৪২ লাখৰ পৰা ৬০ লাখলৈ সদস্যৰ সংখ্যা বৃদ্ধিৰ পণ ভৱেশ কলিতাৰ, আৰম্ভ হ’ল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২২ ছেপ্টেম্বৰঃ মাংগলিক ধ্বনিৰ মাজেৰে মংগলবাৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত আৰম্ভ হ’ল অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক ৷ সভাপতি ভৱেশ কলিতাই বিজেপিৰ দলীয় পতাকা উত্তোলন কৰাৰ পিছত আৰম্ভ হোৱা কাৰ্যনিৰ্বাহকৰ প্ৰথম কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে প্ৰদৰ্শনী কক্ষ ৷ ভাৰত মাতা পূজন , শ্যামা প্ৰসাদ মুখাৰ্জী , দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতে আনুষ্ঠানিক ভাৱে আৰম্ভ হোৱা কাৰ্যনিৰ্বাহকৰ আদৰণী ভাষণত ভৱেশ কলিতাই কৰিলে অংগীকাৰ ৷ বিজেপি অসম প্ৰদেশৰ সদস্য ৪২ লাখৰ পৰা ৬০ লাখলৈ বৃদ্ধি কৰিব বিচাৰিছোঁ ৷ তাৰ বাবে আমি প্ৰত্যেকেই এই পৱিত্ৰ ভূমিৰ পৰাই পণ ল’ব লাগিব ৷ কংগ্ৰেছৰ দিনত অবাধে চলা চাকৰিৰ বজাৰ , ছিণ্ডিকেট , গঁড় হত্যা এতিয়া নাই ৷ অপপ্ৰচাৰ , ধৰ্মীয় কথাৰে সমাজ খনক ভাগ কৰা , বিৰোধীৰ এতিয়া এই দুটাই উদ্দেশ্য ৷ উপ-নিৰ্বাচন , পৰিষদীয় নিৰ্বাচন সকলোতে আগন্তুক দিনত বিজেপি জয়ী হ’বই বুলি মোৰ বিশ্বাস বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ , মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় দিনৰ কাৰ্যনিৰ্বাহকত মাৰ্গ দৰ্শন কৰোৱাৰ পূৰ্বে প্ৰথম দিনৰ কাৰ্যনিৰ্বাহকতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্বৰ চৰকাৰে আৰম্ভ কৰা জনহিতৈষী কাম–কাজক অধিক গতি দিয়া বুলি উল্লেখ কৰে ভাষণত ৷ প্ৰথম দিনৰ কাৰ্যসূচীৰ মাজত কাৰ্যনিৰ্বাহক সভাই বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত হোৱা কাম কাজৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ লয় ৷ প্ৰস্তাৱ ৰাখে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । ড্ৰাগছ ,মাটিৰ দালাল,কোভিড যুদ্ধ সন্দৰ্ভত চৰকাৰৰ কাম–কাজৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ ল’লে কাৰ্যনিৰ্বাহকে । শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে সমৰ্থন কৰে প্ৰস্তাৱটি ৷ উল্লেখ্য যে , বৃহস্পতিবাৰে কাৰ্যনিৰ্বাহকে ল’ব গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ ৷