ৰঙাপৰাত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উদযাপন

55

ৰঙাপৰাত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰঙাপৰা , ২৬ ছেপ্টেম্বৰ : ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম পুৰোধা তথা জনসংঘৰ সহঃ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিৱস । এই উপলক্ষে ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত নামনিগাওঁ পঞ্চায়তৰ সভাগৃহত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । সভাত পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ আদৰ্শৰ ওপৰত বক্তব্য দি শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেনে দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ দর্শনৰ তত্ব বিতংভাৱে আলোকপাত কৰে । ডলি চুৰেনে একাত্ম মানৱতাবাদৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে প্রতিজন দলীয় কার্যকর্তাই প্ৰয়াস কৰাৰ কাৰণে আহ্বান জনায় । বিজেপি ৰঙাপৰা মণ্ডলৰ সম্পাদক ডেভিড খৰাই আত ধৰা সভাত সভাপতিত্ব কৰে মণ্ডল সভাপতি দীপক তেলীয়ে । সভাত উপস্থিত থাকে প্ৰাক্তন মণ্ডল সভাপতি নগেন বাসুমতাৰী , জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা এমি শর্মা , জিলাৰ কিচান মৰ্চাৰ সাধাৰণ সম্পাদক পৰাগ তামুলী , নামনিগাওঁ পঞ্চায়তৰ সভাপতি মথিয়াছ ভেংৰা , ৰাজ্যিক সমিতিৰ বিভিন্ন বিষয় ববীয়া , জিলা সমিতিৰ বিষয় ববীয়া আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।