ৰঙিয়াত আছুৰ উদ্যোগত মানৱ শৃংখল , বাট-পথৰ শোচনীয় অৱস্থা

119

ৰঙিয়াত আছুৰ উদ্যোগত মানৱ শৃংখল , বাট-পথৰ শোচনীয় অৱস্থা

ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ২৮ আগষ্টঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ গৃহসমষ্টিত বাট পথৰ শোচনীয় অৱস্থা । স্থানীয় বিধায়ক গৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছু নেতৃত্বৰ । উল্লেখযোগ্য যে , বৰ্তমান ৰঙিয়া নগৰৰ মাজ মজিয়াৰ প্ৰতিটো বাট পথেই যাতায়তৰ অনুপযোগী । এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী হয় , ইয়াৰোপৰী পথ সমূহত বৃহৎ বৃহৎ গাত , যাৰ ফলত প্ৰতিদিনেই সংঘটিত হৈছে সৰুবৰ দুৰ্ঘটনা । ইয়াকেলৈ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মধ্য ৰঙিয়া ছাত্ৰ সন্থাৰ সহযোগত আজি নগৰখনৰ মাজত থকা সদাব্যস্ত এন টি ৰোডত মানৱ শৃংখল কাৰ্য্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অনতিপলমে এই বাটপথ সমূহ নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল নকৰিলে পৰৱৰ্তী পৰ্যায়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰিও পথ অৱৰোধ কৰিবলৈ বাধ্য হ’ব বুলি জনাই আছু নেতা হেমন্ত দাসে ।