ৰঙিয়া নগৰত দিন দুপৰতে এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১ লাখ ২০ হাজাৰ টকা

70

ৰঙিয়া নগৰত দিন দুপৰতে এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১ লাখ ২০ হাজাৰ টকা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৬ ছেপ্টেম্বৰঃ ৰঙিয়া নগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ধন লুটৰ ঘটনা । দিন দুপৰতে এজন লোকৰ বাইকৰ পৰা অতি কৌশলেৰে ১ লাখ ২০ হাজাৰ টকা লুট কৰি নিয়ে দুৰ্বৃত্তই । লোকজনে বেংকৰ পৰা ধন উলিয়াই আনি ঘৰলৈ গৈ থকাৰ সময়তে ধন খিনি লুটি নিয়া বুলি জানিব পৰা গৈছে । ৰঙিয়া নগৰৰ শংকৰদেৱ নগৰৰ বাসিন্দা বলোদেৱ কলিতাই ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ পৰা ১ লাখ ২০ হাজাৰ টকা উলিয়াই আনে । পিছত ঘৰলৈ যোৱাৰ সময়ত বেগটো বাইকৰ বাকচত থৈ পাণ খাবলৈ যায় । এনে সময়তে দুৰ্বৃত্ত‌ই কৌশলেৰে ধনখিনি উলিয়াই নিবলৈ সক্ষম হয় । ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত । পিছত ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে । অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।