ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত হোষ্টেল নিৰ্মাণ কৰিব ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদে

70

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত হোষ্টেল নিৰ্মাণ কৰিব ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদে

জমিৰউদ্দিন তালুকদাৰ, ডবকা ৩১ আগষ্টঃ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বাবে পশ্চিম ধনীৰাম পথাৰ গাঁৱত আৱন্টিত ৪২ বিঘা, ৩ কঠা, এক লোচা মাটিত ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে দুটাকৈ ছাত্ৰনিবাস নিৰ্মাণ কৰি দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ অহা অক্টোবৰ মাহতে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই ছাত্ৰনিবাস দুটাৰ আধাৰশিলা স্থাপন কৰিব ৷ বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পঞ্জীয়ক লক্ষ্মণ পাটগিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ৩০ আগষ্টৰ দিনা বিশ্ববিদ্যালয়ৰ এটি প্ৰতিনিধি দলে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেবোলাল গাৰ্লোচাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় ৷ আলোচনাকালত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে দিয়া এখন আবেদন মুখ্য কাৰ্যবাহী বিষয়া গৰাকীক প্ৰদান কৰা হয় ৷ আলোচনাকালত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বাবে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে দুটাকৈ হোষ্টেল নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ছাত্ৰৰ বাবে নিৰ্মাণ কৰিবলগীয়া হোষ্টেলৰ নাম হব চেংগয়া সম্ভূধন ফংলু ছাত্ৰ নিবাস আৰু ছাত্ৰী নিবাসৰ নাম হব দিশ্বৰুধী গাৰ্লচ হোষ্টেল ৷ হোষ্টেলত থকাৰ সমানে খেলা-ধুলাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুবিধা থাকিব বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰা হয় ৷