অপাৰদৰ্শী বিধায়কৰ নিষ্ক্ৰিয়তাত যমৰ যাতনাত ভুগিছে সমষ্টিবাসী ৰাইজ

116

অপাৰদৰ্শী বিধায়কৰ নিষ্ক্ৰিয়তাত যমৰ যাতনাত ভুগিছে সমষ্টিবাসী ৰাইজ

ষ্টাফ ৰিপৰ্টাৰ , আছাদুৰ ৰহমান , ৯ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ ৯০ নং যমুনামুখ সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এখন সমষ্টি । এ আই ইউ ডি এফৰ জন্ম স্থান বুলি পৰিচিত যমুনামুখ সমষ্টি । বিগত ২০০৬ চনৰ পৰা ধাৰাবাহিক বাবে সমষ্টিখন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ দখলত আছে । প্ৰথমতে বদৰ উদ্দিন আজমল পিছত ছিৰাজ উদ্দিন আজমল , তাৰ পিছত আজমল পুত্ৰ আব্দুল ৰহিম আজমল । বৰ্তমান আকৌ ছিৰাজ উদ্দিন আজমল সমষ্টিখনৰ বিধায়ক । দীৰ্ঘদিন আজমলৰ দখলত থকা সমষ্টিখনৰ নাই কোনো ধৰণৰ উন্নয়ন । স্বাস্থ্য বিভাগ,গড়কাপ্তানী বা লোক নিৰ্মাণ বভাগ , শিক্ষা বিভাগ সকলো বিভাগৰ উন্নয়ন স্তব্ধ । স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু নাই উপযুক্ত চিকিৎসক-নাৰ্ছ , বিদ্যালয় মহাবিদ্যালয় আছে কিন্তু নাই উপযুক্ত শিক্ষক, নাই বিজ্ঞান শাখা, বাণিজ্য শাখা ,নাই উপযুক্ত খোৱা পানীৰ ব্যৱস্থা । বীজাণু যুক্ত পানী সেৱন কৰি সমষ্টিখনৰ মানুহ ফ্লো ‘ ৰিছচত আক্ৰান্ত হৈ মানুহ পংগু হৈ আছে । দীৰ্ঘদিনৰ পৰা লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ নাই কোনো মেৰামতি । ইপিনে , দিনক দিনে জহী খহী গৈ আছে ৰাস্তা বোৰ । নাই বিধায়কৰ সক্ৰিয়তা , পবিত্ৰ বিধানসভাৰ অধিৱেশনত উপস্থিত নাথাকে বিধায়কজন । হঠাৎ তিনিমাহ ছমাহ পিছত আহি উপস্থিত হৈ এচি ৰোমত বহি নিজৰ সাংগু পাংগুৰ লগত বহি দুই এদিন কটাই আকৌ বিদেশলৈ উৰা মাৰে । সমষ্টিৰ বিষয়ে জ্ঞান নথকা এ আই ইউ ডি এফৰ বিধায়কৰ ওপৰত অসন্তুষ্ট হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিখনৰ জনসাধাৰণে সমষ্টিখনৰ প্ৰায় সকলো জিলা পৰিষদ আৰু পঞ্চায়ত কংগ্ৰেছৰ দখলত দিছিল । তেতিয়া আজমল বৰঘৰত কপনীৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল । আজমলে নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত বিভিন্ন চলনাৰে কংগ্ৰেছৰ হাইকামাণ্ডক আস্থা বাজন কৰি মিত্ৰতাৰ পাশত আবদ্ধ হৈছিল । পিছে মিত্ৰতাৰ দোহাই দি আকৌ যমুনামুখ সমষ্টি নিজৰ দখললৈ ল’বলৈ সক্ষম হয় । ছিৰাজ উদ্দিন আজমল বিধায়ক হিচাপে নিৰ্বাচিত হ’ল কিন্তু আজমলৰ চৰিত্ৰ সলনি নহ’ল । আজমল পৰিয়ালে নিজৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি বৰ্তমানৰ বিধায়ক জনে সমষ্টিৰ বিষয়ে অধ্যয়ন নকৰে,সমষ্টিৰ বিষয়ে জ্ঞান নাই, ৰাইজৰ লগত দূৰত্ব বজায় ৰাখি চলা পৰিলক্ষিত হৈছে । ৰাইজৰ সমস্যাৰ বুজ লবলৈ সময় নাই বিধায়কজনৰ । বৰ্তমান বাৰিষাকালত সমষ্টিখনৰ বিশেষ কৈ মোৰাঝাৰৰ পৰা দেৱস্থান আৰু কপাহবাৰীৰ পৰা চৌধুৰী বজাৰলৈকে লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ শোচনীয় অৱস্থাত ৰাইজে যাতায়ত কৰিবলৈ বহু সমস্যাৰ সৃষ্টি হৈছে । কিন্তু কাণসাৰ নাই বিধায়ক গৰাকীৰ । তেওঁৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি সমষ্টিখনৰ এক মাত্ৰ উন্নয়ন খণ্ড বিন্না কান্দীত বিষয়া প্ৰতিনিধি সকলে ব্যাপক অনিয়ম সংগঠিত কৰি আহিছে । কিন্তু কোনো গুৰুত্ব নিদিয়ে বিধায়ক গৰাকীয়ে । হঠাৎ ধুমকেতুৰ দৰে আহি দুই এজনক আৰ্থিক অনুদান দি চমক সৃষ্টি কৰি ৰাইজৰ মৌলিক সমস্যাৰ পৰা আঁতৰাই ৰখাৰ যত্ন কৰে বিধায়ক গৰাকীয়ে । আমাৰ এই প্ৰতিবেদনৰ পিছত বিধায়ক গৰাকীয়ে সমষ্টিখনৰ উন্নয়নৰ বিষয়ত কি ব্যৱস্থা হাতত লয় , সেয়া সময়তহে লক্ষ্যনীয় হ’ব ।