অমানৱীয় উচ্ছেদ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে মৈৰাবাৰীত প্ৰতিবাদ

135

অমানৱীয় উচ্ছেদ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে মৈৰাবাৰীত প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ওৱাচিম আক্ৰাম,বেচামাৰি , ২৪ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰত অমানৱীয় বাবে চলোৱা উচ্ছেদ অভিযান আৰু প্ৰতিবাদকাৰীক পুলিচে গুলীয়াই হত্যা কৰাৰ বিৰুদ্ধে আজি মৈৰাবাৰীত অসম মিঞা পৰিষদ আৰু মুছলিম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । হিমন্ত বিশ্ব শৰ্মা হায় হায়,হত্যাকাণ্ডৰ বিচাৰ লাগে , বিজেপি চৰকাৰ মুৰ্দাবাদ , খিলঞ্জীয়া মিঞাক উচ্ছেদ বন্ধ কৰক , উচ্ছেদিতক সংস্হাপন দিয়ক, হিটলাৰী শাসন বন্ধ কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে মৈৰাবাৰীৰ ৰাজপথ । উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত হৈ মিঞা পৰিষদৰ মৰিগাঁও জিলা সভাপতি খাইৰুল ইছলামে চৰকাৰৰ সাম্প্ৰদায়িক আৰু পক্ষপাতিত্বমূলক আচৰণৰ কঠোৰ সমালোচনাৰ লগতে উচ্ছেদিত আৰু নিহত সকলক উপযুক্ত ক্ষতিপুৰণ দিবলৈ দাবী জনায় । সাধাৰণ সম্পাদক এম জহিৰুল ইছলামে কয় যে ,হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলোৱাত সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে। ধলপুৰত সংগঠিত বৰ্বৰ কাণ্ডৰ বাবে দায়ী দৰং প্ৰশাসনৰ উপায়ুক্ত , আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগে । আৰক্ষী প্ৰশাসনৰ সন্মূখতে মৃতদেহক আক্ৰমণ কৰা বিজয় বনিয়া নামৰ পাষণ্ড , অমানুহটোক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে । তেখেতে মানুহৰ জীৱনতকৈ কৃষি প্ৰকল্পৰ মূল্য বেছি নেকি ? বুলিও প্ৰশ্ন কৰে । চৰকাৰে উচ্ছেদিত সকলক পুনৰ সংস্থাপন নকৰিলে সংগঠনটোৱে গোটেই অসমজুৰি ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।
আজিৰ কাৰ্যসূচীত উপস্থিত হৈ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক এম আছাদুজ জামানে কয় যে , প্ৰশিক্ষণ নিদিয়াকৈ আৰক্ষীক কৰ্তব্যত প্ৰেৰণ কৰা হ’ল নেকি ? লাখুটি লৈ খেদি অহা এজন মানুহক অৰ্ধশতাধিক আৰক্ষীৰ লোকে নিয়ন্ত্ৰণ কৰোঁতে গুলীয়াই হত্যা কৰিব লগা হ’ল কিয় ? তেখেতে আৰক্ষীৰ গুলীত নিহত সকলৰ নিকটাত্মীয়ক অতি কমেও দশলাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ দাবী জনায় । আজিৰ কাৰ্যসূচীত মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । আজিৰ কাৰ্যসূচীত মিঞা পৰিষদ আৰু মুছলিম ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মী উপস্থিত থাকে ।