অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ জিলা গোটৰ প্ৰতিবাদী কাৰ্যসূচী

90

অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ জিলা গোটৰ প্ৰতিবাদী কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তিনি ঘণ্টাৰ বাবে বৰ্হি বিভাগ সমূহ বৰ্জন কৰি অসম চিকিৎসা সেৱা সন্থা , শিৱসাগৰ গোটৰ উদ্যোগত চিকিৎসক সকলে তেওঁলোকৰ ন্যায্য দাবী সমূহ মানি নোলোৱাৰ বাবে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে । চিকিৎসক সকলৰ তথা চিকিৎসা কৰ্মীৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতেই কভিড নিয়ন্ত্ৰণত ভাৰতৰ ভিতৰতেই অসমৰ চিকিৎসক সকলেও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যদিও তেওঁ লোকৰ এই বহুদিনীয়া দাবী সমূহ চৰকাৰে পূৰণ কৰাত হেমাহী কৰা বুলি দাবী কৰিছে চিকিসক সকলে । চিকিৎসক সকলে প্ৰশ্ন উত্থাপন কৰি কয় যে , মুখ্যমন্ত্ৰী,বিভাগীয় মন্ত্ৰী লগত সফল আলোচনাৰ পাছতো কিয় ইমানদিনে তেওঁলোকৰ ন্যায্য প্ৰাপ্য সমূহ প্ৰদান কৰা নহল ? চিকিৎসক সকলৰ ন্যায্য দাবী সমূহ হৈছে এনেধৰণৰ:- চিকিৎসক কেদাৰৰ পুনৰীকক্ষণ আৰু পুননিয়োজন কৰা, টাইম স্কেল পদোন্নতিৰ ব্যৱস্থা কৰা, স্বাস্থ্য ক বিভাগ আৰু খ বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰি নতুন চিকিৎসকক আকৃষ্ট তথা অন্তভুৰ্ত্তিৰে বিভাগ তোক দুখীয়া ৰাইজৰ স্বাৰ্থত অধিক সক্ষম আৰু গতিশীল কৰা , নতুন মেডিকেল কলেজৰ সস্থাপনৰ নামত জিলা চিকিৎসালয় বোৰ বন্ধ নকৰি কলেজবোৰক সঁচা অৰ্থত এখন ৰেফাৰেল হস্পিটেল বা টাৰচিয়াৰী কেয়াৰ হস্পিটেল হিচাপে ৰাখি ৰোগীৰ সৰ্বোভম চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা দিয়া ইত্যাদি ১১ টা সম্বলিত দাবীৰে তেওঁলোকৰ ন্যায্য প্ৰাপ্য পূৰণ কৰিবৰ বাবে অসম চিকিৎসা সেৱা সন্থা,শিৱসাগৰ গোটৰ উদ্যোগত ১৯/১০/২০২১ তাৰিখে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ বৰ্হিবিভাগত চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকিব ২২/১০/২০২১ তাৰিখে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব আৰু ২৬,২৭,২৮ অক্টোবৰ তাৰিখে তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব । ১,২ আৰু ৩ নৱেম্বৰ তাৰিখে আকৌ তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি জানিবলৈ দিয়ে ।