আপৰূপীত স্কুলৰ দেৱাল নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ তীব্ৰ উত্তেজনা

122

আপৰূপীত স্কুলৰ দেৱাল নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ তীব্ৰ উত্তেজনা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ছফিকুল ইছলাম , কলগাছিয়া , ১১ আগষ্টঃ শিক্ষক হৈছে এডাল মমবাতি , যি নিজেও জ্বলে আৰু আনকো পোহৰ দিয়ে । কিন্তু এইখন অসমতে দেখা গৈছে বিপৰীত ছবি । বৰপেটা জিলাৰ ৰূপসী খণ্ড প্ৰাথমিক শিক্ষাৰ অন্তৰ্গত ১৭৫০ নং উত্তৰ আপৰূপী নৱজাগৰণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হামিদ আৰু পৰিচালনা কমিটিয়ে এখন দেৱাল নিৰ্মাণ কৰাৰ ফলত কাষতে থকা ২৮২ নং আপৰূপী পূৱ চৌবা অংগনবাড়ী কেন্দ্ৰটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । কিয়নো , অংগনবাড়ী কেন্দ্ৰ লৈ যোৱা মূল পথ সম্পূৰ্ণ ভাবে বন্ধ কৰি দিছে প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ পৰিচালনা কমিটিয়ে । ফলত অংগনবাড়ী কেন্দ্ৰটোৰ নতুন ভৱন নিৰ্মাণৰ সকলো সা-সামগ্ৰী নিয়াৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে । নিৰ্মাণ কাৰ্য্য বৰ্তমান বন্ধ হৈ পৰাত কেন্দ্ৰটোত ঘাহ বননিৰে আৱৰি ধৰিছে । যিহেতু কেইদিনমান পিছতে পাঠদান আৰম্ভ , যাৰ বাবে মূল পথটো বন্ধ কৰাত কেন্দ্ৰটোৰ কণ কণ শিশুৰ লগতে স্থানীয় ৰাইজে চৰম আশংকাত ভূগিছে । ৰাইজৰ অভিযোগ মতে , অসমত এইটোৱেই যেন প্ৰথম নজীৰ বিহীন ঘটনা এটা অনুষ্ঠানৰ কৰ্তৃপক্ষই আনটো অনুষ্ঠান ধ্বংস কৰাত উঠিপৰি লাগিছে । বিগত সময়চোৱাত দেৱালটো নিৰ্মাণ কৰাত ৰাইজে বাধা প্ৰদান কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাছিল প্ৰধান শিক্ষক সহ সো-হাত স্বৰূপ পৰিচালনা কমিটিৰ দুজন সদস্য শ্বাহা আলী আৰু আব্দুল জলিল । প্ৰধান শিক্ষক গৰাকীৰ এনে কৰ্ম-কাণ্ডক সচেতন মহলক চিন্তিত কৰি তুলিছে । প্ৰধান শিক্ষক গৰাকীয়ে পূৰ্বৰে পৰাই বিদ্যালয়ৰ বিভিন্ন কামত অনিয়ম কৰাৰ লগতে সকলো কাম-কাজ নিজ মইমতালিৰে সম্পূৰ্ণ কৰে । যাৰ বাবে ৰাইজে অতিশীঘ্ৰে প্ৰধান শিক্ষক আৰু ইয়াৰ লগত জড়িত থকা সকলো ব্যক্তিক অনতিপলমে উচিত শাস্তি দি দেৱালখন ভাঙি পথটো মুকলি কৰি অংগনবাড়ী কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা-চৰ্চা কৰি পাঠদান কৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে , তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।