আলিটাঙনি ওছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি , প্ৰাপ্য মধ্যহ্ন ভোজনৰ চাউল বিচাৰি অধ্যক্ষক কোঠাত তলা লগাই ঘেৰাও ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ

179

আলিটাঙনি ওছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি , প্ৰাপ্য মধ্যহ্ন ভোজনৰ চাউল বিচাৰি অধ্যক্ষক কোঠাত তলা লগাই ঘেৰাও ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, নগাওঁ , ২৫ ছেপ্টেম্বৰ : নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাচীন ঐতিহ্য বহন কৰা ঐতিহ্য মণ্ডিত আলিটাঙনি ওছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মধ্যহ্ন ভোজনৰ চাউল বিতৰণক কেন্দ্ৰ কৰি বিদ্যালয়ৰ অধ্যক্ষক কোঠাত আৱদ্ধ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ইতিমধ্যে বাতৰি কাকতৰ শিৰোনামা দখল কৰা বিদ্যালয়খনৰ অধ্যক্ষ ডঃ ফকৰুদ্দিন আলী আহমেদে আজি কেবামাহ ধৰি লকডাউণৰ সময়ত বিভাগে প্ৰদান কৰা ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ ধন ও চাউল শিক্ষাৰ্থীক যোগান নধৰি ঘূৰাই পঠোৱাত খঙত অগ্নিশর্মা হৈ পৰা অভিভাৱক সকলে আজি অধ্যক্ষগৰাকীক নিজ কোঠাতে তলা লগাই আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বিগত দিনত এই অধ্যক্ষ জনৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে কেবা খনো গোচৰ । উল্লেখ্য যে , বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে উতপ্ত পৰিস্থিতি সৃষ্টি কৰাত জুৰীয়া আৰক্ষীৰ লগতে স্থানীয় আৰক্ষী চি আই বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অধ্যক্ষ ড○ ফকৰ উদ্দিন আলি আহমেদক উদ্ধাৰ কৰে । উল্লেখ্য যে , এই বিদ্যালয়খনত লাখ লাখ টকাৰ কেলেংকাৰী সংগঠিত হোৱাৰ তথ্য সহকাৰে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হোৱাৰ পিছতো উৰ্ধতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ বাবে এনে ধৰনৰ পৰিস্থিতি সৃষ্টি হয় । যাৰ বাবে সদৌ অসম সংখ্যলঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ আলিটাঙনি আঞ্চলিক সমিতি , সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসমৰ নগাওঁ জিলা সমিতিৰ লগতে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সমাজে অসমৰ মুখ্যমন্ত্ৰী ও শিক্ষামন্ত্ৰীক মুখ্যমন্ত্ৰী বিশেষ তদন্ত শাখাৰ জড়িয়তে অধ্যক্ষৰ বিৰুদ্ধে তদন্ত কৰাৰ লগতে বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ দাবী জনায় । পৰৱৰ্তী সময়ত এনে অধ্যক্ষৰ বিৰুদ্ধে বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে , সেয়া সময়ত লক্ষ্যণীয় হব ।