এজাক সাধাৰণ বতাহ বৰষুণতে ভাঙি পৰাৰ সম্ভৱনা ইটাখোলা উপ আৰক্ষী চকী , পূৰ্নাঙ্গ থানালৈ ৰূপান্তৰিত  কৰি স্থায়ী ভূমিত গৃহ নিৰ্মানৰ দাৱী স্থানীয় ৰাইজৰ 

514
এজাক সাধাৰণ বতাহ বৰষুণতে ভাঙি পৰাৰ সম্ভৱনা ইটাখোলা উপ আৰক্ষী চকী , পূৰ্নাঙ্গ থানালৈ ৰূপান্তৰিত  কৰি স্থায়ী ভূমিত গৃহ নিৰ্মানৰ দাৱী স্থানীয় ৰাইজৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ আগষ্টঃ এজাক সাধাৰণ বতাহ বৰষুণতে ভাঙি পৰাৰ সম্ভাৱনাই দেখা দিছে নদুৱাৰৰ অন্তৰ্গত ইটাখোলা উপ আৰক্ষী চকীৰ কাৰ্যালয় গৃহ ৷ দীৰ্ঘদিন ধৰি উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়তৰ দুটি কোঠা ভাড়াতলৈ আৰক্ষী চকীখনৰ কাম কাজ চলাই আহিছিল যদিও শেহতীয়াকৈ ভাড়াত লোৱা গৃহ সমুহ জৰাজীৰ্ন্ন হৈ পৰাত সমস্যাত পৰিছে আৰক্ষী বিষয়া সহ জোৱান সকল ৷ উল্লেখ্য যে , জৰাজীৰ্ন্ন হৈ পৰা গৃহ সমুহত ডাঠ কাগজৰ বেৰা দিয়াৰ লগতে বাহঁৰ ঢোকা দি আৰক্ষী বিষয়া জোৱান সকলে কাম-কাজ সম্পাদন কৰি আহিছে যদিও গুৰুত্বপূৰ্ণ নথিপত্ৰ সমুহ ৰখাৰ স্থায়ী ব্যৱস্থা নোহোৱাত সমস্যাত পৰিছে আৰক্ষীৰ লোক সকল ৷ সাধাৰণ অপৰাধীও লক-আপ কৰাৰ সুবিধা নাই আৰক্ষী পোষ্টটিত ৷ সম্প্ৰতি আৰক্ষী বিষয়া গৰাকীয়ে অস্থায়ী ভাৱে চাটাইবেৰ দি কাৰ্য্যালয় স্থাপন কৰি কাম কাজ সম্পাদন কৰা পৰিলক্ষিত হৈছে ৷ অসম অৰুণাচল সীমান্তবৰ্ত্তী তথা উগ্ৰপন্থী সংগঠনৰ কাৰ্য্যকলাপে গিজ গিজাই থকা এটা বৃহৎ অঞ্চলৰ নিৰাপত্তাৰ দ্বায়িত্ব থকা আৰক্ষী পোষ্টটি পূৰ্ণাঙ্গ থানালৈ ৰূপান্তৰিত কৰাৰ লগতে স্থায়ী ভূমিত গৃহ নিৰ্মানৰ দাৱী তুলিছে অঞ্চলটোৰ সচেতন মহলে ৷