গড়কাপ্তানী বিভাগৰ দায়িত্বহীনতাৰ বাবে হোজাইত কেবাটাও পথত বিপদ সংকুল যাত্ৰা

68

গড়কাপ্তানী বিভাগৰ দায়িত্বহীনতাৰ বাবে হোজাইত কেবাটাও পথত বিপদ সংকুল যাত্ৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান, ৬ ডিচেম্বৰঃ হোজাই আৰু কাৰ্বি আংলং জিলাৰ সংযোগী গড়কাপ্তানী পথচোৱাৰ দুৰৱস্থাই উলংঘাইছে পৰিবৰ্তনকামী চৰকাৰৰ ফোফুলা স্বৰূপ । গড়কাপ্তানী বিভাগৰ নিলিপ্ত ভুমিকাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিছে মোৰাঝাৰ দেৱস্থান সংযোগী গড়কাপ্তানী পথেৰে যাতায়ত কৰা যাত্ৰীয়ে । স্থানীয় বিধায়ক তথা বিভাগীয় বিষয়াৰ দায়িত্বহীনতাৰ বাবে অতিকৈ ব্যস্ততাপূৰ্ণ মোৰাঝাৰ আৰু দেৱস্থান সংযোগী গড়কাপ্তানী পথচোৱা ভাঙি জৰাজীৰ্ণ হৈ পৰাত এক বিপদ সংকুল বাবে পথচোৱাৰে যাতায়ত কৰিব লগীয়া হৈছে দৈনিক হেজাৰ হেজাৰ যান-বাহনে । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পথচোৱা ভাঙি গৈ গড়কাপ্তানী পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃৃশ দ’ তথা বিশাল গাঁতৰ । দৈনিক হেজাৰ হেজাৰ যান-বাহন চলাচল কৰা এই গড়কাপ্তানী পথচোৱাৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড তথা দ’গাতৰ বাবে যিকোনো মূহুৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । পথচোৱাৰ এনে ভয়ানক অৱস্থাৰ ফলত বৰ্তমান সময়ত পথচোৱাৰে সৰ্বসাধাৰণ ৰাইজে চলাচল কৰাত প্ৰাণৰ সংক্ষাত ভুগিব লগীয়া হৈছে । এজাক বৰষুণ দিয়াৰ পিছত পথচোৱাৰ মাজত থকা খাবৈ সদৃশ গাঁতত পানী আবদ্ধ হৈ এক ভয়ানক ৰূপ লোৱা পৰিলক্ষিত হয় । উক্ত গড়কাপ্তানী পথেৰে প্ৰশাসনিক আমুলা বিষয়াৰ ওপৰিও দৈনিক বহু চৰকাৰী,বেচৰকাৰী তথা ৰাজনৈতিক নেতা-পালিনেতাই যাতায়ত কৰে তথাপি ৰহস্যজনক বাবে এই ব্যস্ততাপুৰ্ণ ৰাস্তাটোৰ এই জৰাজীৰ্ণ অংশ আজি লৈকে কাৰো চকুত নপৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । যিয়েই নহওঁক কিয় দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত ভাঙি জৰাজীৰ্ণ হৈ থকা মোৰাঝাৰ দেৱস্থান সংযোগী গড়কাপ্তানী পথচোৱা মেৰামতিৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।