গনকপাৰাৰ স্থানীয় যুৱকে মেৰামতি কৰিলে ভূঞাখাটৰ বিধ্বস্ত পথ

54
গনকপাৰাৰ স্থানীয় যুৱকে মেৰামতি কৰিলে ভূঞাখাটৰ বিধ্বস্ত পথ

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , কৌস্তভমনি শৰ্মা , ৭ আগষ্টঃ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টিৰ ভূঞাখাট গাঁৱৰ টংলা মহলীয়াপাৰা পথৰ পৰা গনকপাৰা চুবা হৈ হাতিবান্ধা , নিজ ভূঞাখাট সংযোগী পথটি কেইবাবছৰ ধৰি বিধ্বস্ত অবস্থাতেই আছে । যাৰ ফলত বিশেষকৈ ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে ভুগিছে যমৰ যাতনা । বাৰিষা আহাৰ লগে লগে পথটিৰে গাড়ি মতৰ দুৰৰে কথা মানুহে খোজ কাঢ়ি অহা যোৱা কৰাও তান হৈ পৰে । শুকুৰবাৰে ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ কেইজনমান যুৱক লগ হৈ‌ পথটিৰ কিছু পৰিমাণে মেৰামতি কৰিবলৈ ওলাই আহি পথটিৰ মেৰামতি কৰে । এনে ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতিৰ বাবে চৰকাৰক দাবী জনাই ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে ।