গোসাঁইগাঁৱত আমছু-নেমছু’ৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

96

গোসাঁইগাঁৱত আমছু-নেমছু’ৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

দুৰ্নীতিৰ দৰ্পণ সেৱা, গোসাঁইগাঁও, ২৪ ছেপ্তেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ছিপাঝাৰৰ ধলপুৰত উচ্ছেদ অভিযান চলাকালীন সময়ত উচ্ছেদিত জনতাৰ ওপৰত অসম আৰক্ষীয়ে অসাংবিধানিক, নীতি বহিৰ্ভূত তথা নিৰ্মমভাৱে গুলীচালনা কৰি নিৰ্দোষীক হত্যা কৰিলে তাৰ প্ৰতিবাদত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত আমছু-নেমছু’ৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত পুত্তলিকা দাহ অনুষ্ঠানৰ আঁত ধৰি আমছু’ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজহাৰুল ইছলামে কয় যে চৰকাৰে গৰুখুটিত অসাংবিধানিকভাৱে উচ্ছেদ কৰি যি ধ্বংসলীলা আৰু অসম আৰক্ষীয়ে বৰ্বৰতাৰে যি হত্যালীলা চলালে, আৰক্ষীৰ উক্ত বৰ্বৰতাক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমি চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু এক বিশেষ সম্প্ৰদায়ক হাৰাশাস্তি কৰাৰ উদ্দেশ্য কৰি পুনৰ সংস্থাপন সম্পূৰ্ণ নকৰাকৈ আকস্মিকভাৱে কৰা উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। আমি তেওঁলোকৰ উপযুক্ত সংস্থাপন দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাইছোঁ। মানৱতাৰ স্বাৰ্থত যদি অসম চৰকাৰে অনতিপলমে পুনৰ সংস্থাপন আৰু সম্ভাৱ্য ক্ষয়-ক্ষতিৰ ক্ষতিপুৰণ নিদিয়ে, অনাগত দিনত আমি আমছু’য়ে ইয়াৰ বিৰুদ্ধে জঙ্গী আন্দোলন গঢ়ি তুলিম বুলি তেওঁ হুংকাৰ দিয়ে। আমছু’য়ে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত শিক্ষা সম্প্ৰসাৰণৰ বাবে ‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’ শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে। আমছু’ৰ এই বিশেষ কাৰ্যসূচী যাতে সফল হব নোৱাৰে, তাৰ বাবে চৰকাৰে বিভিন্ন ঘটনা সংগঠিত কৰি আমাক উক্ত ব্যস্ত ৰাখিব বিচাৰিছে। কিন্তু আমছু’য়ে নিজৰ লক্ষণত উপনীত হবই বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উক্ত পুত্তালিকা দাহ কাৰ্যসূচীত উত্তৰপূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি সহিদুল ইছলামে উপস্থিত থাকি কয় যে সংঘৰ্ষত নিহত উচ্ছেদিতৰ ওপৰত নিকৃষ্ট মানসিকতাৰে জপিয়াই পৰা চৰকাৰী ফটোগ্ৰফাৰজনৰ অকল গ্ৰেফতাৰ নহয়, উপযুক্ত শাস্তিৰ দাবী কৰি কয় যে অকল এই ফটোগ্ৰফাৰজন নহয়, অসমত এনে হেজাৰ হেজাৰ এনে নিকৃষ্ট মানসিকতাৰ ব্যক্তি আছে। তেওঁলোকৰ মানসিকতা সলনি কৰিব লাগে। উচ্ছেদ কাৰ্যত সংগঠিত সংঘৰ্ষৰ সামাজিক মাধ্যমত প্ৰচাৰিত বিডিওত হাহা ৰিয়েক্ট দিয়া মানসিকতা সলনি কৰিব লাগে। অন্যথা অসমত এদিন ভৱিষ্যতে ঘোৰ অন্ধকাৰ নামি আহিব। উল্লেখ্য যে প্ৰতিবাদকাৰী সকলে বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সংখ্যালঘু ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰৰ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷