গোসাঁইগাঁৱত হিংসাত্মক পৰিস্থিতি,প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ,পথ অৱৰোধ কাৰ্যসূচী পালন

70

গোসাঁইগাঁৱত হিংসাত্মক পৰিস্থিতি,প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ,পথ অৱৰোধ কাৰ্যসূচী পালন

দুৰ্নীতিৰ দৰ্পণ সেৱা,গোসাঁইগাঁও, ১৬ অক্টোবৰঃ দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আজিও অব্যাহত আছে গোসাঁইগাঁৱত ৷ গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাই ধৰ্মীয় আবেগ-অনুভুতিক আঘাত হানি দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি শনিবাৰে অধিক ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰে ৷ প্ৰতিমা বিসৰ্জন দিবলৈ মহকুমা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞাই পুজা কমিটি সমুহক কাৰ্য্যত বিপাঙত পেলাইছিল ৷ বিগত তিনিটা দিনত দেৱী দুৰ্গা বিসৰ্জনৰ কোনো সমাধান সুত্ৰ উলিয়াৱ নোৱাৰা প্ৰশাসনে জোতা পিন্ধিয়েই দেৱী দুৰ্গাৰ প্ৰতিমা গাড়ীত উঠাই বিসৰ্জনৰ ব্যৱস্থা কৰিছিল ৷ মহকুমা আৰক্ষী বিষয়াৰ অভব্য আচৰণ আৰু ৰাইজক অযথা কৰা হাৰাশাস্তিৰ প্ৰতিবাদত শুক্ৰবাৰে সন্ধিয়াৰ পৰা নিশা বহুপৰলৈকে গোসাঁইগাঁও থানাত শ-শ ৰাইজে ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও শনিবাৰে পৰিস্থিতি অধিক শোচনীয় হৈ পৰে । শনিবাৰৰ পুৱাৰ পৰাই হাজাৰ হাজাৰ লোকে গোসাঁইগাঁও সদৰ চহৰত উপস্থিত হৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ উপৰি গোসাঁইগাঁৱৰ মুল পথ বন্ধ কৰি দোকান পোহাৰ বন্ধ কৰি দিয়ে ৷ গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তা আৰু মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাৰ বদলিকৰণৰ লগতে শাস্তিৰ দাবী কৰি হাজাৰ হাজাৰ উত্তেজিত জনতাই যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷ আৰক্ষী আৰু প্ৰশাসনৰ সন্মুখতে একাংশ উত্তেজিত জনতাই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰি একাংশ দোকানলৈ শিল নিক্ষেপ কৰে ৷ শনিবাৰৰ পুৱাৰ ভাগতে সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক টি পি বিজয় কুমাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সূৰ্জিত সিং পানেজাৰ , লামহাও ডউঙেল আদিকে ধৰি কেইবাগৰাকী জিলা শীৰ্ষ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক সৈমান কৰিবলৈ চেষ্টা চলায় যদিও বিফল হয় ৷ প্ৰায় দুঘণ্টা যাৱত আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ বুজনিত সৈমান নোহোৱা ৰাইজৰ এনে ৰুদ্ৰমূৰ্ত্তি দেখি কাৰ্যতঃ বিমোৰত পৰা জিলা উপায়ুক্তই স্থানীয় বিভিন্ন দল,সংগঠন, সমাজ সেৱক, নেতৃস্থানীয় ব্যক্তি, বুদ্ধিজীৱী আৰু প্ৰশাসনৰ বিষয়-ববীয়া আদিৰ সৈতে প্ৰায় চাৰি ঘন্টা ধৰি এক জৰুৰী বৈঠকত মিলিত হয় ৷ গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ সৰ্বসন্মত সিদ্ধান্ত আৰু পথ অৱৰোধ কৰি অৱস্থান কৰি উত্তেজিত ৰাইজৰ সন্মুখত আৰক্ষী অধীক্ষকৰ ৰাজহুৱা অনুশোচনা আৰু মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে বিয়লি চাৰি বজাত সাময়িকভাৱে ৰাইজে বজাৰ বন্ধ আৰু পথ অৱৰোধ,ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰি চহৰৰ পৰিৱেশ আৰু পৰিস্থিতি স্বাভাৱিক কৰি তোলে ।