চেঙাৰ কাছুমাৰাত ভয়ংকৰ গৰাখহনীয়া

126
চেঙাৰ কাছুমাৰাত ভয়ংকৰ গৰাখহনীয়া
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ২৪ আগষ্টঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী কাছুমাৰাৰ কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত।ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাৰ ফলত ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাৰ কাশিমপুৰ।লুইতৰ খহনীয়াত ইতিমধ্যে জাহ গৈছ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান।কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়।গাওঁ খন বছৰে বছৰে খহাই গৃহহীন কৰিলে বহু পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি যাবলগীয়া হৈছে নিৰাপদ স্থানলৈ।চেঙাৰ কাছুমাৰা-কাশিমপুৰত গৰাখহনীয়াৰ তাণ্ডৱ।শ শ পৰিয়াল গৃহহীন, সৰ্বস্বান্ত নৈপৰীয়া। আপোন ঘৰখন নদীৰ বুকুত জাহ যোৱাত  হুকহুকাই কান্দি উঠিল এগৰাকী আইতাই, কি কৰিব, কলৈ যাব।কাছুমাৰা-কাশিমপুৰৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষি ভূমি জাহ গৈছে নদীৰ বুকুত।গৰাখহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰ খন ভাঙি যাবলগীয়া হৈছে নিৰাপদ স্থানলৈ।বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কানসাৰ নাই চৰকাৰ-প্ৰশাসন তথা জনপ্ৰতিনিধিৰ।উপায়বিহীন হৈ অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে নৈপৰীয়া সকলে।আকৌ চৰকাৰ-প্ৰশাসন তথা স্থানীয় বিধায়কক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।