টীয়কৰ মেলং চাৰিআলিত বিপ্লৱী যুৱ সন্থাৰ প্ৰতিবাদ

133

টীয়কৰ মেলং চাৰিআলিত বিপ্লৱী যুৱ সন্থাৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , টীয়ক , ৮ অক্টোবৰ : উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত যোৰহাটৰ মেলেং চাৰি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিপ্লৱী যুৱ সন্থা (RYA), অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ (ASCSS),প্ৰগতিশীল নাৰী সন্থা (AIPWA) প্ৰতিবাদ সাব্যস্ত কৰে । গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গটাই দিয়াৰ লীজ চুক্তি বাতিল কৰক , কৈটাসিদ্ধি , ৰায়বড়ীৰ ৰাইজৰ মাটি ভেটি অধিগ্ৰহণ কৰা নচলিব , অসম চৰকাৰে দিয়া বিমান বন্দৰৰ ৪৯৫ বিঘা মাটি আদানীক দিয়া নচলিব , গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নাম অক্ষত ৰাখক আদি দাবীৰ শ্লʼগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীত RYA ৰ অসম আহ্বায়ক নোমল কুমাৰ চাওৰা , জিলা উপদেষ্টা ৰাজেন ৰাজ , সাভাপতি পবিত্ৰ নায়ক সম্পাদক আমোচ তাঁতী , অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাঁতী , টিয়ক চাৰ্কোল সমিতিৰ সভাপতি ৰহণ কুৰ্মী , প্ৰগতিশীল নাৰী সন্থাৰ জিলা সহঃ সম্পাদিকা যোগমায়া বাউৰী আদি নেতৃবৃন্দ উপস্থিত থাকে ।