ডবকা-যমুনামুখ গড়কাপ্তানী পথ নিৰ্মানক লৈ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

138

ডবকা-যমুনামুখ গড়কাপ্তানী পথ নিৰ্মানক লৈ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ২৭ আগষ্টঃ হোজাই জিলাৰ ডবকা গড়কাপ্তানী (লোক নিৰ্মাণ বিভাগ)পথ সংমণ্ডলৰ অধীনস্থ অতি ব্যস্ততাপূৰ্ণ আৰু যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা যমুনামুখ-ডবকা সংযোগী গড়কাপ্তানী পথৰ যমুনামুখ দৈনিক বজাৰৰ ৰেলগেটৰ পৰা সাতশ মিটাৰ পথ পকীকৰণৰ বাবে লোক নিৰ্মাণ বিভাগে এছ অ পি ডিৰ আঁচনিৰ অধীনত কামৰ অনুমোদন জনায় । সেই অনুসৰি এই পথছোৱা মেৰামতিৰ বাবে গড়কাপ্তানী বিভাগে ইতিমধ্যে কাম আৰম্ভ কৰিছে । কিন্তু এই কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ জনে ৰেলগেটৰ পৰা মূল বজাৰৰ অংশ এৰি থৈ মাত্ৰ পাঁচশ মিটাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । কামৰ প্ৰাপ্ত তথ্য মতে , ৰেলগেটৰ পৰা পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিব লাগিছিল, কিন্তু ঠিকাদাৰজনে ৰেল বিভাগৰ ওপৰত ৰেল গেইটৰ পৰা এটা অংশ ঠেলি দি পথচোৱাৰ মূল ভগা অংশৰ কাম নকৰাকৈ ৰাখে । উপায়ান্তৰ হৈ স্থানীয় ৰাইজে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী ৰাইজে গড়কাপ্তানী বিভাগ মুৰ্দাবাদ,বিধায়ক চিৰাজুদ্দিন আজমল মুৰ্দাবাদ আদি শ্লোগান দি আকাশ বতাহ মুখৰিত কৰি তোলে । ক্ষুব্ধ ৰাইজে এই বিষয়ে এক উচিত তদন্ত দাবী জনোৱাৰ লগতে ৰেলগেট সংলগ্ন কৰি পথৰ কাম সম্পূর্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় । কিয়নো , উক্ত অংশ টোৱেই দৈনিক বজাৰৰ মাজমজিয়াত পৰিছে । উল্লেখ্য যে , যোৱা বিধান সভা নিৰ্বাচনৰ প্ৰাক-মুহূত্তত অৰ্থাৎ যোৱা ২০ ফেব্ৰুৱাৰীত উক্ত পথছোৱা নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলে ৷