তামুলপুৰত আছুৰ উত্তাল প্ৰতিবাদ

65

তামুলপুৰত আছুৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ, ৩০ নবেম্বৰঃ সোমবাৰে সমগ্ৰ অসম তথা দেশ কপাই যোৱা যোৰহাট চহৰৰ মাজমজিয়াত একাংশ নৰপিশাচে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আজি তামুলপুৰ আছুৱে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নাৰকীয় কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা এটি বিক্ষোভ সমদল উলিয়ায় বিক্ষোভ কাৰী সকলে। প্ৰতিবাদ কাৰী সকলে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰক , অনিমেষ ভূঞাৰ হত্যাকাৰীক ফাঁচী দিয়ক , অসম চৰকাৰ হায় হায় , ছাত্ৰ কৰ্মীৰ উপৰত অত্যাচাৰ বন্ধ কৰক , গৃহ বিভাগ হায় হায় আদি শ্লোগানৰে তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে । বাক্সা জিলাৰ ক্ৰিড়া সম্পাদক কুমুদ ডেকাই কয় যে ,আৰক্ষীৰ চাৰ্জশ্বিটত যাতে দোষীয়ে ৰেহাই পোৱাৰ কোনো সুৰুঙা নাথাকে , তাৰ ব্যৱস্থা কৰিবলৈ তামুলপুৰ আঞ্চলিক ছাত্র সন্থাই দাবী উত্থাপন কৰাৰ লগতে অনিমেষ হত্যা কাণ্ডই অসমত যাতে শেষ হত্যা কাণ্ড হয় , তাৰ বাবে অসমবাসী ৰাইজৰ লগতে চৰকাৰকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।