তামুলপুৰ ভাৰত ভূটান সীমান্তৰ বগাজুলিৰ দৈমুগুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

106

তামুলপুৰ ভাৰত ভূটান সীমান্তৰ বগাজুলিৰ দৈমুগুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক , তামুলপুৰ , ৮ আগষ্টঃ ৰাজ্যত এতিয়া বনৰীয়া হাতীৰ উপদ্ৰপৰ ঘটনা নিতৌ নৈমিত্তিক ঘটনাত পৰিণত হৈছে । শনিবাৰে নিশা তামুলপুৰৰ ভাৰত ভূটান সীমান্তত বগাজুলিৰ দৈমুগুৰী গাওঁত বনৰীয়া হাতীয়ে সাত বিঘাকৈ খেতি মাতি খাই অনিষ্ট কৰে । উল্লেখ্য যে , দৈমুগুৰী গাঁৱৰ নিবাসী গমনা বসুমতাৰী নামৰ লোক জনৰ সাত বিঘাকৈ খেতি পথাৰৰ ধানৰ কলিতেই খাই তহিলং কৰা পৰিলক্ষিত হয় । সেয়ে স্থানীয় লোক সকলে দৰিদ্ৰ কৃষক গমনা বসুমতাৰীক উপযুক্ত খতি পূৰণ দিবলৈ আহ্বান জনাইছে চৰকাৰ তথা বন বিভাগৰ লোকক । জানিব পৰা মতে , অঞ্চলটোত কিছুদিন আগতে এগৰাকী লোকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰি নিহত কৰিছিল ।