তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনে পালন কৰিলে অৱস্থান ধৰ্মঘট

109

তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনে পালন কৰিলে অৱস্থান ধৰ্মঘট

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ৯ আগষ্টঃ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভূক্তিকৰণেৰে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা,মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ঘোষণা কৰা ১২৫ কোটি টকাৰ আৰ্থিক পেকেজ মোকোলাই দিয়া, বানপানী-গড়াখহনীয়া সমস্যাৰ স্থায়ী সামাধান কৰা, নিবনুৱা সমস্যাৰ সামাধান কৰা, ঐতিহাসিক কীৰ্তিচিহ্ন বেদখলমুক্ত কৰি সংৰক্ষণ কৰা আদি কেইবা দফীয়া দাবীৰে আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন,কেন্দ্ৰীয় সমিতিৰ সম্পাদক স্বৰূপ গোহাঁইয়ে সংবাদ মাধ্যমৰ আগত কয় যে,মটকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ জন্মলগ্নৰে পৰা দাবী জনাই আহিছে। উল্লেখযোগ্য যে,বিজেপিৰ চৰকাৰে ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল অহা ৯০ দিনৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হব। কিন্তু আজি পৰ্যন্ত এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়ে হৈ ৰল। যাৰ বাবে সংগঠনটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃবৃন্দই । আনহাতে বৰ্তমান দখল কৰি থকা মটক সকলৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অতি সোনকালে বেদখলমুক্ত কৰি সংৰক্ষণ কৰিবলৈ দাবী জনোৱাৰ লগতে শিক্ষা,নিবনুৱা, বান-গড়াখহনীয়া আদি সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।